March 28, 2025 7:02 PM

views 31

বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙৰ সৈতে মহম্মদ ইউনুছৰ দ্বিপাক্ষিক আলোচনা

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰফেচৰ মহম্মদ ইউনুছ আজি পুৱা বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি শি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ সম্বলিত বিভিন্ন বিষয়ত আলোচনা কৰে। প্ৰফেচৰ ইউনুছে বাংলাদেশৰ নিৰ্মাণ খণ্ডত বিনিয়োগৰ বাবে তেওঁলোকক মান্তি কৰোৱাৰ লক্ষ্যৰে চীনৰ ব্যৱসায় নেতাসকলৰ সৈতে বিনিয়োগ আলোচনাতো অংশ ল'ব। বাংলাদেশ আৰু চীনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্য উপদেষ্টা গৰাকীয়ে চাৰি দিনীয়া ভ্রমণসূচীৰে যোৱা ২৬ মাৰ্চত চীনলৈ গৈছে। চীনৰ সংবাদ...

March 4, 2025 6:36 PM

views 31

জাহাঙ্গীৰ আলম চৌধুৰীৰ বিৰুদ্ধে বাংলাদেশৰ ঢাকাত জনসাধাৰণৰ প্ৰতিবাদ সাব্যস্ত

বাংলাদেশৰ ঢাকাত গৃহ পৰিক্ৰমা উপদেষ্টা জাহাঙ্গীৰ আলম চৌধুৰীৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলাৰে গঠিত এখন মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শেহতীয়াকৈ ঢাকাত দুগৰাকী ছোৱালীক কৰা বৰ আক্ৰমণৰ প্ৰতিবাদ জনাই মহিলা মঞ্চই উপদেষ্টা জাহাঙ্গীৰ আলম চৌধুৰীক পদৰ পৰা আঁতৰ কৰোৱাৰ দাবী তুলিছে। উপদেষ্টা চৌধুৰীয়ে ছোৱালী দুজনীৰ ওপৰত হোৱা আক্ৰমণক ন্যায়সংগত বুলি মন্তব্য কৰিছিল।

February 12, 2025 8:49 PM

views 34

বাংলাদেশত কোনো ৰাজনৈতিক দলকেই নিষিদ্ধ ঘোষণা নকৰিবলৈ পৰামৰ্শ ৰাষ্ট্ৰসংঘৰ

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ কাৰ্যালয়ে বাংলাদেশৰ পূৰ্বৰ চৰকাৰ, সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাৰ লগতে আৱামী লীগৰ সৈতে সম্পৰ্ক থকা হিংসাত্মক শক্তিসমূহ যোৱা বছৰৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত পৰিকল্পিতভাৱে গুৰুতৰ মানৱাধিকাৰ উলংঘনৰ ঘটনাত জড়িত আছিল বুলি কৈছে। তদুপৰি ৰাষ্ট্ৰসংঘই বাংলাদেশত কোনো ৰাজনৈতিক দলকেই নিষিদ্ধ ঘোষণা নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিয়নো এনে কৰিলে প্ৰকৃত বহুদলীয় গণতন্ত্ৰ ব্যৱস্থালৈ ঘুৰি যোৱাটো সম্ভৱ হৈ নুঠিব। আজি প্রকাশিত এটা প্ৰতিবেদনত, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্ত কার্যালয়ে দেশখনত...

February 7, 2025 6:15 PM

views 16

বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা ভাৰতৰ

ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়শোৱালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীন বাংলাদেশৰ ইতিহাসৰ চিহ্নস্বৰূপ এই ঐতিহাসিক ভৱন ধ্বংস কৰি পেলোৱাটো সঁচাকৈয়ে অতি দুখৰ বিষয়। তেওঁ কয় যে বাংলা পৰিচয় আৰু গৌৰৱক সমৃদ্ধ কৰা স্বাধীনতা সংগ্ৰামৰ মূল্যবোধৰ সৈতে পৰিচিত প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ জাতীয় চেতনাৰ সৈতে জড়িত এই বাসগৃহৰ গুৰুত্বৰ বিষয়ে ভালকৈয়ে জানে। আমাৰ আগৰ বাতৰিতে কোৱা ...

January 15, 2025 8:32 PM

views 33

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰ তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ শীৰ্ষ নেতা তাৰিক ৰহমানক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে। বাংলাদেশৰ মুখ্য ন্যায়াধীশ চৈয়দ ৰাফাৎ আহমেদৰ নেতৃত্বৰ এখন ৫ জনীয়া খণ্ড বিচাৰপীঠে ২০০৮ চনত তদানীন্তন শ্বেখ হাচিনা চৰকাৰৰ দিনত উন্মোচিত জিয়া অনাথ আশ্রম ন্যাসৰ দুৰ্নীতিৰ গোচৰত বেগম খালেদা জিয়া, তেওঁৰ পুত্ৰ আৰু আন কেইবাজনক দিয়া ১০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ খাৰিজ কৰে। খণ্ড আদালতে দিয়া এ...

January 9, 2025 4:44 PM

views 29

বাংলাদেশৰ ঢাকা–অৰিচা ঘাইপথত এম্বুলেঞ্চ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু

বাংলাদেশৰ চাৱৰ অঞ্চলত ঢাকা–অৰিচা ঘাইপথত আজি এখন এম্বুলেঞ্চে এখন বাছক মুখামুখিকৈ খুন্দা মৰাৰ ফলত এম্বুলেঞ্চখনত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্রকাশ কৰিছে। চাৱৰ অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। এই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ঢাকা-অৰিচা ঘাইপথৰ যাতায়ত কেইবা ঘণ্টা ধৰি ব্যাহত হৈ থাকে।

December 19, 2024 8:39 PM

views 33

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূৰ বাসগৃহ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানৰ হিংসাত্মক ঘটনাৰ গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে

বাংলাদেশৰ হিন্দু আৰু আন সংখ্যালঘূ লোকৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান, মন্দিৰ আদিকে ধৰি বিভিন্ন ধর্মীয় স্থানত চলোৱা হিংসাত্মক ঘটনাৰ ভালেমান গুৰুত্বপূৰ্ণ তথ্য ভাৰত চৰকাৰে লাভ কৰিছে। ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী কীৰ্তি বর্ধন সিঙে জানিবলৈ দিয়ে যে চৰকাৰে এই ঘটনাক গভীৰভাৱে লৈছে আৰু ভাৰতৰ এই উদ্বিগ্নতাৰ কথা বাংলাদেশক চৰকাৰীভাৱে জনোৱা হৈছে। শ্রী সিঙে কয়, যে বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি দেশখনত সংখ্যালঘু লোক আৰু তেওঁলোকৰ সম্পত্তিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সন্দৰ...

December 17, 2024 8:06 PM

views 26

অ-দলীয় কাৰ্য্যবাহী চৰকাৰ প্ৰণালীৰ সাংবিধানিক ব্যৱস্থা বাহাল বাংলাদেশৰ উচ্চ ন্যায়ালয়ৰ

বাংলাদেশৰ এখন উচ্চ ন্যায়ালয়ে আজি সংসদীয় নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অ-দলীয় কাৰ্য্যবাহী চৰকাৰ প্ৰণালীৰ সাংবিধানিক ব্যৱস্থা বাহাল কৰিছে। ইউনাইটেড নিউজ অৱ বাংলাদেশৰ বাতৰি অনুসৰি, ন্যায়ালয়ে সেই দেশৰ সংবিধানৰ পঞ্চদশ সংশোধনত ইয়াৰ মৌলিক পৰিকাঠামো প্রত্যাখ্যান কৰা হৈছে আৰু প্রধান গণতান্ত্ৰিক আদৰ্শৰাজিৰ সৈতে আপোচ কৰা হৈছে বুলি মন্তব্য কৰিছে। এই সংশোধনত কাৰ্য্যবাহী চৰকাৰ প্ৰণালী বাহাল কৰাত কোনো আইনী বাধা নাই বুলি কোৱা হৈছে। ন্যায়াধীশ ফৰাহ মেহবুব আৰু ন্যায়াধীশ দেৱাশীষ ৰায়চৌধুৰীৰ এখন বিচাৰপীঠে সংব...

December 13, 2024 5:18 PM

views 29

বাংলাদেশে সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী

বাংলাদেশে নিজ দেশত সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী। লোকসভাত পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বাংলাদেশত সংখ্যালঘূসকলৰ ওপৰত হোৱা একাধিক আক্রমণ চিন্তাৰ বিষয় হৈ পৰিছে আৰু এই কথা ভাৰতে বাংলাদেশৰ কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰিছে। শেহতীয়াকৈ ভাৰতৰ বৈদেশিক সচিবে ঢাকা ভ্ৰমণ কৰা বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাংলাদেশত ভাৰতৰ উন্নয়নমূলক প্ৰকল্পৰ এটা ভাল ইতিহাস আছে বুলি মতামত প্রকাশ কৰি ড০ এছ জয়শষংকৰ বাংলা...

December 11, 2024 2:27 PM

views 26

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু, ৭০ জন লোকক আটক

বাংলাদেশত যোৱা ৫ আগষ্টৰ পৰা ২২ অক্টোবৰৰ ভিতৰত ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ৮৮ টা গোচৰ ৰুজু কৰা হৈছে আৰু এই সন্দৰ্ভত ৭০ জন লোকক আটক কৰা হৈছে। দেশখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনিছৰ প্ৰেছ সচিব ছফিকুল আলমে কালি ঢাকাত এই কথা সদৰি কৰে। ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰীৰ ঢাকা ভ্ৰমণৰ ঠিক পাছতেই কালি বাংলাদেশ চৰকাৰে এই তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ প্ৰেছ সচিবগৰাকীয়ে কয়, যে চুনামগঞ্জ, নৰসিংদি, চট্টগ্ৰাম আৰু ঢাকাত সংঘটিত সংখ্যালঘু নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত এই লোককেইজনক আটক কৰ...