December 31, 2024 6:47 PM

views 14

নতুনকৈ অহা ৰহিংগীয়া শৰণাৰ্থীৰ পঞ্জীকৰণৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই : বাংলাদেশৰ গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টা

বাংলাদেশৰ গৃহ পৰিক্ৰমা বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল মহম্মদ জাহাংগীৰ আলম চৌধুৰীয়ে কয়, যে চৰকাৰে দেশখনত নতুনকৈ অহা ৰহিংগীয়া শৰণাৰ্থীসকলৰ পঞ্জীকৰণৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। তেওঁ লগতে এই শৰণাৰ্থীসকলক বাংলাদেশত আশ্রয় প্ৰদান কৰাৰ ক্ষেত্ৰতো কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে। ম্যানমাৰৰ টেকনাফ সীমান্ত ভ্ৰমণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপদেষ্টা গৰাকীয়ে কয়, যে বাংলাদেশ চৰকাৰে ম্যানমাৰ চৰকাৰ আৰু আৰাকান সেনাৰ সৈতে সীমান্ত অঞ্চলত উগ্ৰপন্থ...