September 18, 2024 6:38 PM

views 35

আইন শৃংখলা পৰিস্থিতি উন্নতিৰ হকে বাংলাদেশ সেনাৰ কমিছনড বিষয়াক কার্যবাহী দণ্ডাধীশৰ ক্ষমতা প্ৰদান

মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে দেশখনৰ আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ লক্ষ্যৰে বাংলাদেশ সেনাৰ কমিছনড বিষয়াসকলক কার্যবাহী দণ্ডাধীশৰ ক্ষমতা প্ৰদান কৰিছে। দেশখনৰ ৰাজহুৱা প্ৰশাসন মন্ত্ৰালয়ে কালি জাৰি কৰা গেজেট অধিসূচনা অনুসৰি সমগ্ৰ দেশখনৰ যোগ্যতাসম্পন্ন সেনা বিষয়াসকলে পৰৱৰ্তী ৬০ দিনৰ বাবে সংশ্লিষ্ট জিলাসমূহৰ দণ্ডাধীশসকলৰ অধীনত কাৰ্যবাহী দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰিব। উল্লেখযোগ্য যে সংৰক্ষণ সংস্কাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হোৱা ৰাষ্ট্ৰজোৰা সংঘৰ্ষৰ সময়ছোৱা...