August 3, 2024 6:48 PM
19
বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা অসহযোগ আন্দোলন
বাংলাদেশত সংৰক্ষণবিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলন ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে কালি কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে। সমন্বয়ক দুগৰাকীয়ে দেশৰ জনসাধাৰণক এই অসহযোগ আন্দোলন সফল কৰি তোলাৰ বাবে আহ্বান জনাইছে। প্রায় দুসপ্তাহৰ পাছত কালি দেশখনৰ বিভিন্ন অঞ্চলত পুনৰ...