August 4, 2024 7:52 PM

views 29

বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাচিনাৰ আলোচনাৰ প্ৰস্তাৱ দেশখনৰ কোটা সংস্কাৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলৰ নাকচ

বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাচিনাই আলোচনাৰ প্ৰস্তাৱ দেশখনৰ কোটা সংস্কাৰ আন্দোলনৰ প্ৰতিবাদকাৰীসকলে নাকচ কৰাৰ লগতে প্রধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। নাহেদ ইছলাম, চাৰ্গিছ আলম, তথা আন্দোলনৰ আন মুখ্য সমন্বয়কাৰীসকলে কালি বিয়লি ঢাকাৰ কেন্দ্ৰীয় ছহিদ মিনাৰত এই কথা ঘোষণা কৰে। তেওঁলোকে লগতে কয় যে, দেশখনত কালিৰে পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলন বলবৎ কৰিব। প্ৰধানমন্ত্রী শ্বেখ হাচিনাই কোটা সংস্কাৰ আন্দোলনক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ অন্ত পেলাবলৈ আন্দোলনত জড়িত ছাত্র-ছাত্রীসকলক গণ ভৱনত...