November 2, 2024 8:07 PM November 2, 2024 8:07 PM
14
বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে মিছা গোচৰ প্ৰত্যাহাৰৰ দাবীত সনাতন জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল
সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে দাখিল কৰা মিছা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এটা প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাগৰণ মঞ্চই অহা সোমবাৰৰ ভিতৰত গোচৰটো প্ৰত্যাহাৰ নকৰিলে প্ৰতিবাদ কাৰ্য্যসূচী অব্যাহত ৰাখিব বুলি সঁকিয়নি দিয়ে। সনাতন জাগৰণ মঞ্চৰ মুখপাত্র চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰৰ পোষকতা কৰি আহিছে। শুকুৰবাৰে বিভিন্ন বাধা নেওচি সনাতন জাগৰণ মঞ্চ...