November 2, 2024 8:07 PM

views 44

বাংলাদেশত ISKON ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে মিছা গোচৰ প্ৰত্যাহাৰৰ দাবীত সনাতন জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল

সনাতন জাগৰণ মঞ্চই কালি চট্টগামত বাংলাদেশত ইণ্টাৰনেচনেল ছ’চাইটী ফৰ কৃষ্ণ চেতনা (ISKON)ৰ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে দাখিল কৰা মিছা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত এটা প্ৰতিবাদী সমদল কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাগৰণ মঞ্চই অহা সোমবাৰৰ ভিতৰত গোচৰটো প্ৰত্যাহাৰ নকৰিলে প্ৰতিবাদ কাৰ্য্যসূচী অব্যাহত ৰাখিব বুলি সঁকিয়নি দিয়ে। সনাতন জাগৰণ মঞ্চৰ মুখপাত্র চিন্ময় কৃষ্ণ দাসে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ অধিকাৰৰ পোষকতা কৰি আহিছে। শুকুৰবাৰে বিভিন্ন বাধা নেওচি সনাতন জাগৰণ মঞ্চ...

October 23, 2024 6:04 PM

views 34

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

অপসাৰিত প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ পদত্যাগ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বাংলাদেশত কালি ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগৰ দাবী তীব্ৰতৰ হৈ উঠে। কালি নিশা চাৰে ৮ বজাত শতাধিক প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসস্থানৰ নিৰাপত্তাবেষ্টনী ভাঙি বংগভৱনত প্ৰৱেশৰ চেষ্টা চলায়। বংগভৱনত প্ৰৱেশত বাধা দিয়াৰ সময়ত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুগৰাকী সাংবাদিককে ধৰি ৫ জন লোক আঘাতপ্রাপ্ত হয়। সাংবাদিকৰে সৈতে হোৱা অলপতে হোৱা এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে প্রধানমন্ত্রী শ্...

August 6, 2024 8:36 PM

views 38

সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছেঃ বিদেশ মন্ত্ৰী জয়শংকৰ

ভাৰতে বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্রতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাকাত থকা উচ্চ আয়োগৰ পৰামৰ্শমৰ্মে যোৱা মাহত ভালেসংখ্যক বিদ্যার্থী ভাৰতলৈ উভতি আহিছে। নতুন দিল্লী মহলে দেশখনৰ সংখ্যালঘুৰ স্থিতিৰ ওপৰত নজৰ ৰাখি আছে বুলি ড০ জয়শংকৰে লোকসভা আৰু ৰাজ্যসভাক অৱগত কৰে। তেওঁলোকৰ ...

August 3, 2024 2:26 PM

views 38

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলৰ কাইলৈৰ পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনকাৰীসকলে শেহতীয়াকৈ হোৱা হত্যাৰ বিৰোধ প্ৰদৰ্শন আৰু তেওঁলোকৰ ৯ দফীয়া দাবী সন্দৰ্ভত হেঁচা প্ৰয়োগৰ উদ্দেশ্যে কাইলৈৰে পৰা দেশজুৰি অসহযোগ আন্দোলনৰ ঘোষণা কৰিছে। তেওঁলোকে আজি সমগ্ৰ দেশতে ধৰ্ণা প্ৰদৰ্শন কৰিছে। ভেদভাব প্ৰতিৰোধী ছাত্র আন্দোলনৰ দুগৰাকী সমন্বয়কে বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে কালি কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে। সমন্বয়ক দুগৰাকীয়ে দেশৰ জনসাধাৰণক এই অসহযোগ আন্দোলন সফল কৰি তোলাৰ বাবে আহ্বান জনাইছে। প্রায় দুসপ্তাহৰ পাছত কালি দেশখনৰ বিভিন্ন অঞ্চলত প...