June 23, 2024 11:31 AM

views 55

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কালি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। আলোচনাৰ অন্তত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয় যে, দুয়োখন দেশৰ মাজৰ নিয়মীয়া আলোচনাই ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামেৰে আৰম্ভ হোৱা মৈত্রী আৰু সহযোগিতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। তেওঁ কয় যে, ভাৰত আৰু বাংলাদেশে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা সুদৃঢ় কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু নতুন খণ্ডত সহযোগিতা গঢ়ি তুলিছে। ইয়াৰ ফলত ভাৰত আৰু বাংলাদেশৰ মিত্ৰ...

June 21, 2024 8:43 PM

views 20

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাচিনা দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাচিনা আজি বিয়লি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণমৰ্মে দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া কোনো বিদেশী নেতাৰ প্রথম দ্বিপাক্ষিক চৰকাৰী ভ্ৰমণ। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি ড০ এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হ'ব।