September 30, 2024 8:42 PM
11
ভাৰত-বাংলাদেশৰ টেষ্ট শৃংখলাৰ ২য় টেষ্টত ভাৰতৰ ২৮৫ ৰানত প্ৰথম ইনিংছ ঘোষণা
ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীণপাৰ্কত চলি থকা দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট খেলৰ চতুৰ্থ দিনা ভাৰতে ২৮৫ ৰানত নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰিছে। যোৱা দুদিনৰ খেল সম্পূৰ্ণৰূপে পৰিত্যক্ত ঘোষিত হোৱাৰ পাছত আজি বাংলাদেশে তিনি উইকেটৰ বিনিময়ত ১০৭ ৰানৰ পৰা নিজৰ প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰি ২৩৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতে নিজৰ প্ৰথম ইনিংছত আক্ৰমণাত্মক বেটিঙেৰে ২৮৫ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। চতুর্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে দুটা উইকেটৰ বিনিময়ত ২৬ ৰান সংগ্ৰহ কৰিছে।