June 13, 2025 8:43 PM

views 17

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ ৰাষ্ট্ৰীয় নির্বাচন হোৱাৰ সম্ভাৱনা

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ কাৰ্যবাহী অধ্যক্ষ তাৰিক ৰহমানে দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। সেই অনুসাৰে নিৰ্বাচন সংক্রান্তীয় সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিলে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ ৰাষ্ট্ৰীয় নির্বাচন অনুষ্ঠিত হ'ব। আজি লণ্ডনত অনুষ্ঠিত এখন বহু প্রত্যাশিত বৈঠকৰ অন্তত তেওঁলোকে এটা যুটীয়া বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰে। আজিৰ বৈঠকত মহম্মদ ইউনুছ আৰু তাৰিক ৰহ...

December 16, 2024 7:29 PM

views 20

অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ৰ প্রথমভাগত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ সম্ভাৱনা

বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুৰববী ড০ মহম্মদ ইউনুছে অহা বছৰৰ শেষ ভাগ অথবা ২০২৬ ৰ প্রথমভাগত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। বাংলাদেশৰ বিজয় দিৱস উপলক্ষে টেলিভিছনক দিয়া এটা সাক্ষাৎকাৰত ড০ ইউনুছে কয় যে নির্বাচনী সংস্কাৰ আয়োগ আৰু সংবিধান সংস্কাৰ আয়োগৰ পৰামৰ্শৰ আধাৰত নিৰ্বাচনী বিধিৰ সংশোধন ঘটোৱা হ'ব আৰু তাৰ পাছতহে দেশখনত পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব। উল্লেখযোগ্য যে বাংলাদেশৰ অন্যতম প্ৰধান ৰাজনৌতিক দল – বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে দে...