July 22, 2025 1:09 PM July 22, 2025 1:09 PM
12
বাংলাদেশত বিমান দুর্ঘটনাত কমেও ২০গৰাকী লোকৰ মৃত্যু, ১৭১গৰাকী আহত
বাংলাদেশত কালি সংঘটিত এটা বিমান দুর্ঘটনাত চালককে ধৰি কমেও ২০ গৰাকী লোকৰ মৃত্যু আৰু ১৭১ গৰাকী আহত হয়। কালি সন্ধিয়া দেশখনৰ আন্তঃসেৱা জনসম্পৰ্কৰক্ষী বিষয়াই এই দুৰ্ঘটনাৰ কথা সদৰী কৰে। কালি দিনৰ প্ৰায় ১ বজাত বাংলাদেশ বায়ুসেনাৰ F-7 BGI প্রশিক্ষণ বিমানখনে দেশখনৰ ৰাজধানী ঢাকাৰ উত্তৰা অঞ্চলৰ মাইলষ্টন কলেজ চৌহদত দুৰ্ঘটনাত পতিত হয়। বাংলাদেশৰ এই F-7 বিমানখন হৈছে চীনৰ চেংডু J-7ৰ আধুনিক সংস্কৰণ। ২০১৩ চনত চীনে বাংলাদেশক ১৬খন বিমান হস্তান্তৰ কৰাৰ পাছত ইয়াৰ উৎপাদন বন্ধ কৰি দিয়ে। কালিৰ দুৰ্ঘটনাৰ পাছতে বাং...