January 13, 2026 6:23 PM

views 17

বাংলাদেশৰ ফেনী জিলাত হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা

বাংলাদেশৰ ফেনী জিলাত দগণভূঞা উপ-জিলাত দেওবাৰে নিশা এজন ২৮ বছৰীয়া হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা কৰা হয় আৰু হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা তেওঁৰ বাহনখনৰ সৈতে পলায়ন কৰে। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে দগণ ভূঞা উপ- জিলা স্বাস্থ্য চৌহদৰ সমীপত তেওঁক দেশীয় নির্মিত অস্ত্ৰ ব্যৱহাৰ কৰি তেওঁক চুৰিকাঘাট কৰা হয়। তেওঁৰ বেটাৰীচালিত অটৰিক্সাখনো দূর্বত্তই লৈ যায়। স্থানীয় ৰাইজে কালি পুৱতি নিশা ২ বজাত তেওঁৰ মৃতদেহ দক্ষিণ কৰিমপুৰ মুহুৰীবাৰীৰ সমীপত উদ্ধাৰ কৰে ...

December 27, 2025 8:08 PM

views 22

বাংলাদেশৰ মাদ্ৰাছাত সংঘটিত বোমা বিস্ফোৰণত ২ গৰাকী মহিলা আৰু দুটি শিশুকে ধৰি ৪ গৰাকী লোক আঘাতপ্ৰাপ্ত

Bangladeshবাংলাদেশৰ কেৰাণিগঞ্জৰ হাছনাবাদ অঞ্চলৰ ওম্মাল কুৱাৰা আন্তঃৰাষ্ট্ৰীয় মাদ্ৰাছাত আজি দুপৰীয়া সংঘটিত এটা বোমা বিস্ফোৰণত দুগৰাকী মহিলা আৰু দুটি শিশুকে ধৰি চাৰিগৰাকী লোক আঘাতপ্ৰাপ্ত হয়। কেৰাণিগঞ্জ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে। অভিযানৰ সময়ত পেট্রল বোমা, ৰাসায়নিক দ্রব্যকে ধৰি প্ৰায় ২৫০ কিলোগ্ৰাম ওজনৰ বোমা প্রস্তুত কৰা সা-সামগ্ৰী উদ্ধাৰ কৰা হৈছে। বোমা নিষ্ক্রীয়কাৰীসকলে সফলতাৰে এই খাৰ-বাৰুদসমূহ নিষ্ক্রীয় কৰা বুলি বি...

December 27, 2025 7:20 PM

views 16

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশায্যৰ ঘটনাক লৈ ভাৰতৰ গভীৰ উদ্বেগ প্রকাশ

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশায্যৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়শোৱালে কয় যে ভাৰতে বাংলাদেশত ময়মনসিং চহৰত অলপতে এজন হিন্দু যুৱকৰ হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু এই ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ আনিবই লাগিব। বাংলাদেশৰ আসন্ন নির্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰী জয়শোৱালে কয় ভাৰতে দেশখনত মুক্ত, নিকা, সর্বাত্মক আৰু অংশীদাৰমূলক নিৰ্বা...

December 26, 2025 8:53 PM

views 22

বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা

বাংলাদেশৰ সমাগত ত্রয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ বাবে জামাত-ই-ইছলামী আৰু নেশ্যনেল চিটিজেন পাৰ্টীৰ মাজত আসনৰ ভাগ-বটোৱাৰা লৈ আলোচনা অনুষ্ঠিত হৈছে। নেশ্যনেল চিটিজেন পাৰ্টীৰ অভ্যন্তৰীণ বিবাদৰ ফলত দলটো দুভাগ হোৱাৰ পৰিপ্ৰেক্ষিতত এই আলোচনা অনুষ্ঠিত হৈছে। এন চি পিৰ জ্যেষ্ঠ নেতাই জানিবলৈ দিছে যে কমেও ৫০খন আসনৰ বাবে জামাতৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা অনুষ্ঠিত হৈছে। অনাগত দিনত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এন চি পিৰ একাংশ নেতাই জামাতৰ সৈতে মিত্ৰজোঁট গঠনৰ পোষকতা কৰিছে যদিও আন...

December 22, 2025 11:57 PM

views 15

বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলা...

December 18, 2025 4:49 PM

views 23

সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বালাদেশৰ সাংবাদিক অনিচ আলমগীৰক মোকলাই দিবলৈ আহ্বান

AMNESTY ইণ্টাৰনেচনেলে মুখ্য উপদেষ্টা প্ৰফেছৰ মহম্মদ য়ুনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অভিব্যক্তিৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এইমাহত সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিক অনিচ আলমগীৰক ততালিকে মোকলাই দিবলৈ আহ্বান জনাইছে। AMNESTY ইণ্টাৰনেচনেলৰ আঞ্চলিক গৱেষক ৰিহাব মহছুৰে প্ৰকাশ কৰা মতে সামাজিক মাধ্যম আৰু মূলসুঁতিৰ সংবাদ মঞ্চৰ যোগেদি আৱামী লীগক সমৰ্থন কৰাৰ অভিযোগত আলমগীৰক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাটোৱে অন্তৱৰ্তীকালীন চৰকাৰক অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় ...

August 26, 2025 1:12 PM

views 22

ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান বাংলাদেশৰ

বলপূর্বকভাৱে স্থানান্তৰিত হোৱা ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে। এই সমস্যাৰ সমাধানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন বিচাৰি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয়, যে আমি আমাৰ সীমিত ঘৰুৱা সম্পদসমূহৰ বাবে অতিৰিক্ত সম্পদ আহৰণ কৰাৰ কোনো প্ৰয়োজন নাই। ৰোহিংগীয়া সমস্যা সমাধানৰ বিষয়টো গোলকীয় কাৰ্যসূচীৰ বিষয় হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়, যে এই সমস্যাৰ সমা...

July 18, 2025 1:31 PM

views 22

বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি

● বাংলাদেশৰ গোপালগঞ্জত বাহাল থকা সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আমাৰ ঢাকাৰ সংবাদদাতাই জনোৱা মতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ গৃহ জিলা গোপালগঞ্জত যোৱা বুধবাৰে নেচনেল ছিটিজেন পাৰ্টীৰ এটা ৰেলীৰ সময়ত আৰক্ষী আৰু আৱামী লীগৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা সংঘৰ্ষত কমেও ৪ জন লোকৰ মৃত্যু হোৱাৰ লগত ৫০ জনৰো অধিক লোক আহত হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত সান্ধ্য আইন ঘোষণা কৰা হয়। আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘণ্টাৰ বিৰতিৰ পাছত পৰৱৰ্তী নির্দেশ নহা পর্যন্ত সান্ধ্য আইন বাহাল থাকিব।

June 1, 2025 11:35 AM

views 28

সীমান্তৰ ন’ মেনছ লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে ৬৫ জন লোকক পুনৰ ঘূৰাই পঠিয়াইছে

অসম আৰক্ষীয়ে এই সপ্তাহতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰা অবৈধ বাংলাদেশী নাগৰিকসকলক সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত বাংলাদেশ সীমান্তৰ ন' মেনছ লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে ইয়াৰে ৬৫ জন লোকক পুনৰ ঘূৰাই পঠিয়াইছে। ইয়াৰে ৬৪ গৰাকী সন্দেহজনক নাগৰিকক গোৱালপাৰা ডিটেনচন কেম্পত ৰখা হৈছে। ইপিনে মৰিগাঁৱৰ খাইৰুল ইছলাম নামৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকগৰাকীক নিজ গৃহলৈ যোৱাৰ অনুমতি দিয়া হয়। জিলাখনৰ মিকিৰভেটা থানাৰ খান্দা পুখুৰী গাঁৱৰ বাসিন্দা শিক্ষকগৰাকীৰ পিতৃৰ নাম ১৯৬৫ চনৰ ভোটাৰ তা...

May 18, 2025 11:05 AM

views 36

বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ

বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰি হোৱাকৈ নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে এখন অধিসূচনা যোগে বাংলাদেশৰ পৰা ভাৰত হৈ নেপাল আৰু ভূটানলৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ'ব বুলি স্পষ্ট কৰি দিছে। নতুন নিষেধাজ্ঞা অনুসৰি বাংলাদেশৰ পৰা কোনো ধৰণৰ ৰেডিমেড বস্ত্ৰৰ আমদানিত ভাৰতীয় ভূ-বন্দৰৰ মাধ্যমেৰে কৰিব পৰা নাযাব। অৱশ্যে ন্হাৱা শ্বেৱা আৰু কলকাতাৰ সামুদ্রিক বন্দৰেৰে এই ...