February 6, 2025 5:31 PM

views 14

বাংলাদেশত একাংশ প্ৰতিবাদকাৰীৰ হাতত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ধ্বংস

বাংলাদেশৰ ৰাজধানী ঢাকাত কালি নিশা একাংশ প্রতিবাদকাৰীয়ে আৰক্ষীৰ উপস্থিতিত বুলড'জাৰৰ সহায়ত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ভাঙি পেলায়। বাংলাদেশৰ জনক তথা দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ এই বাসভৱনটোক পৰৱৰ্তীকালত সংগ্ৰহালয়ৰূপে চিহ্নিত কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে কালি নিশা প্ৰায় চাৰে ৮ বজাত সংগ্ৰহালয়টো লণ্ডভণ্ড কৰে আৰু ইয়াৰ সামগ্ৰীসমূহ ধ্বংস কৰাৰ পাছত জুই লগাই দিয়ে। এই ধ্বংসকার্য নিশা প্রায় ১১ বজালৈ অব্যাহত থকাৰ পাছত প্ৰতিবাদকাৰীসকলে এখন এক্সকেভেটৰ জ...