March 31, 2025 11:34 AM

views 12

উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে’ল সংযোজনৰ ২৭২ কিলোমিটাৰ ৰে’লপথ সম্পূৰ্ণ, ১৯ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ দ্বাৰা উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উধমপুৰ-শ্ৰীনগৰ-বাৰামূল্লা ৰে'ল সংযোজনৰ ২৭২ কিলোমিটাৰ সম্পূৰ্ণ হোৱা ৰেলপথৰ অহা ১৯ এপ্ৰিলত কাশ্মীৰৰ পৰা কাট্ৰালৈ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কালি জম্মুত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে প্রধানমন্ত্রী শ্রীমোদী অহা ১৯ এপ্ৰিলত উধমপুৰত উপস্থিত হ'ব। তেওঁ বিশ্বৰ আটাইতকৈ উচ্চ স্থানত ৰে'ল দলঙৰ পৰিদৰ্শন কৰাৰ লগতে মুকলিও কৰিব। ইয়াৰ পাছতে তেওঁ পতাকা জোকাৰি কাট্ৰাৰ পৰা বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ কৰিব। এই ৰে'ল স...

January 4, 2025 1:45 AM

views 15

পৰীক্ষা-নিৰীক্ষাৰ অন্তত ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ ল’বলৈ সক্ষম বন্দে ভাৰত ৰে’লগাড়ীৰ

যোৱা তিনি দিনত বহুবাৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত বন্দে ভাৰত ৰেলগাড়ীয়ে ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ ল'বলৈ সক্ষম হৈছে। বন্দে ভাৰত ৰেলগাড়ীসমূহ স্বয়ং সম্পূৰ্ণ দুৱাৰ, অত্যাধুনিক সুবিধাযুক্ত দবা আদিৰে বিমানৰ আৰ্হিত তৈয়াৰ কৰা হৈছে। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বন্দে ভাৰত ৰে'লগাড়ীখনৰ কোটা সংমণ্ডলত কৰা সফল পৰীক্ষণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে ১৩৬খন বন্দে ভাৰত ৰে'লগাড়ীযোগে ৰে'লযাত্ৰীসকলে বিশ্বমানৰ ভ্ৰমণ অভিজ্ঞতা লাভ কৰিছে।