July 1, 2024 8:52 PM July 1, 2024 8:52 PM

views 11

পৃথিৱীক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে আজিৰ পৰা দেশজুৰি বন মহোৎসৱ সপ্তাহ আৰম্ভ

পৃথিৱীখনক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে আজিৰে পৰা দেশজুৰি বন মহোৎসৱ সপ্তাহ অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় বন নীতি, ১৯৮৮ত উল্লেখ কৰা মতে কোনো এটা ভৌগোলিক অঞ্চলৰ মুঠ মাটিকালিৰ ৩৩ শতাংশ বনাঞ্চল থকাটো অতি জৰুৰী। কিন্তু ইণ্ডিয়া ষ্টেট অব্ ফৰেষ্ট ৰিপ'ৰ্টে প্ৰকাশ কৰা তথ্য মতে অৰণ্যাঞ্চলৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ভিতৰত দশম স্থানত আছে যদিও ইয়াৰ বনাঞ্চলৰ পৰিমাণ শতকৰা মাত্র ২৪ দশমিক ৪ শতাংশহে। সেয়েহে এই দিৱসৰ তাৎপৰ্য অতি মহত্ত্বপূৰ্ণ। দেশৰ সেউজ আৱৰণ সঠিক মাত্ৰাত ৰখাৰ উদ্দেশ্যে প্ৰতিবছৰে চৰকাৰী-বেচৰকাৰী ...