November 18, 2024 12:28 PM

views 16

বাক্সা জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতি গঠন

অসম সাহিত্য সভাৰ সক্রিয় জিলা সমিতি বাক্সা জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন জলাগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰাৰ বাবে এখন আদৰণী সমিতি গঠন কৰা হয়। জলাগাঁৱৰ বাপুজী আদর্শ প্রাথমিক বিদ্যালয়ত কালি জলাগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতিগৰাকীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত আদৰণি সমিতিখন গঠন কৰা হয়। সভাত বাক্সা জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰজত খাটনিয়াৰকে ধৰি জিলা সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়-ববীয়া আৰু আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।