August 21, 2025 7:14 PM

views 17

বাক্সাৰ ধনশ্ৰীপুৰত স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি

বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰি পৰামৰ্শ দিয়ে। এ চি আৰ ডি নামৰ সংস্থাটোৱে পূৰ্বেও এনে ধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।

August 17, 2025 7:17 PM

views 20

বাক্সাৰ সাউদৰভিঠাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

● বাক্সা জিলাৰ সাউদৰভিঠাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সাংসদগৰাকীয়ে ২১ নম্বৰ শালবাৰী পৰিষদীয় সমষ্টিৰ জ্ঞান চৌৰাঙ বিথাংখি, যুৱ সজাগতা সভা আৰু বিটিচি নিৰ্বাচন সন্দৰ্ভত পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাংসদগৰাকীয়ে- ইউ পি পি এল হিচাপে বিটিচিৰ ৩৫ লাখ জনসাধাৰণৰ ২৬ টা জনগোষ্ঠীৰ শান্তি, সম্প্ৰীতিৰে আগবাঢ়ি যোৱাৰ সংকল্পৰ কথা উল্লেখ কৰে। কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ইউ পি পি এলৰ চাবিকাঠি মুখ্যমন্ত্ৰীৰ হাতত থকা বুলি...

August 3, 2025 8:46 PM

views 16

বাক্সা জিলাৰ নিমুৱাত মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নিমুৱাত আজি মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে এই আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ উন্নয়ন পুজিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি নেতা দুগৰাকীয়ে চিলাৰায়ৰ সাহস আৰু পৰাক্ৰমে অসমীয়া জাতিক সদায় অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে।

April 15, 2025 7:47 PM

views 35

বাক্সা জিলাৰ বিভিন্ন স্থানত গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ

বাক্সা জিলাৰ বিভিন্ন স্থানত আজি গোসাই বাঁহ অৰ্থাৎ‍ দহৰফুৰোৱা উৎসৱ আৰম্ভ হৈছে। জিলাখনৰ মা গোঁসানী, মা কামাখ্যা, কলিয়া ঠাকুৰ, ভাংৰা গোসাই, বুঢ়া গোঁসাই, গৰখীয়া আদি স্থানত এই উৎসৱ উদযাপন কৰা হয়। উল্লেখযোগ্য যে এই লোক উৎসৱৰ বাবে ৫-৬ ডাল দীঘল বাঁহ কাটি গৰু বিহুৰ দজিনাখন গোসাইদহৰ বাঁহ সজোৱা হয়। মুৰত পিতলৰ চোলা পিন্ধাই গোটেই গোসাই বাঁহদাল ৰঙীন কাপোৰেৰে মেৰিয়াই ওপৰত ৰুমাল, ফুলাম গামোচা আদি গাঁথি দিয়া হয়। গাওঁৰ চেমনীয়াসকলে দহৰগোসাইক ঢোল, তাল, বৰকাঁহ, শংখ আদি বজাই শোভাযাত্ৰাৰে ঘৰে ঘৰে লৈ গৈ বছৰটো...

March 23, 2025 8:24 PM

views 17

বাক্সা জিলাৰ সমবায় ব্যৱস্থা শক্তিশালী আৰু শৃংখলিত কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্রী অর্জুন ৰাম মেঘৱালে গুৰুত্ব আৰোপ

বাক্সা জিলাৰ সমবায় ব্যৱস্থা শক্তিশালী আৰু শৃংখলিত কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্রী অর্জুন ৰাম মেঘৱালে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ আৰু অগ্রগতি পর্যালোচনাৰ বাবে কালি জিলাখনত উপস্থিত হোৱা কেন্দ্রীয় আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী মেঘৱালে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশ লৈ এই কথা প্রকাশ কৰে। তেওঁ গ্রাম্য জীৱিকা শক্তিশালী কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ আৰু কাৰ্যপন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উপৰি জিলাখনৰ কৃষি আৰু অর্থনৈতিক উন্নয়নৰ ওপৰত ...