January 22, 2026 7:37 PM

views 10

বাক্সাত অঞ্চলী বজাৰ উন্নয়ন সমিতিৰ দুমহলীয়া সভাগৃহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ অঞ্চলীত আজি ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে অঞ্চলী বজাৰ উন্নয়ন সমিতিৰ দুমহলীয়া সভাগৃহৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক পুঁজিৰ ৯ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে এই সভাগৃহ নিৰ্মাণ কৰা হ'ব। পর্যায়ক্রমে নিৰ্মাণ কৰিবলগীয়া এই সভাগৃহৰ তলত বজাৰ বহাৰ ব্যৱস্থা থাকিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে।

January 3, 2026 7:18 PM

views 13

বাক্সাৰ সদৰ মুছলপুৰত ৫ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত স্বদেশী মেলাৰ আজি সন্ধিয়া সামৰণি পৰিব

বাক্সা জিলাৰ সদৰ মুছলপুৰত ৫ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত স্বদেশী মেলাৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত আৰু সদৌ অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম লিমিটেড তথা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত এই মেলাত ৫০ খন বিপণীয়ে অংশগ্রহণ কৰিছে। মেলাত বিভিন্ন থলুৱা খাদ্য সম্ভাৰ, পৰম্পৰাগত সাজ-পাৰ আদি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগতে বাঁহ- বেতৰ সামগ্ৰীৰ বিপণীও মুকলি কৰা হৈছে।

August 19, 2025 6:56 PM

views 22

বাক্সা জিলাৰ বৰ্মাত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে বাক্সা জিলাৰ বৰ্মাত আজি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। বি টি আৰত শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ অক্ষুণ্ণ ৰখাৰ বাবে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি শ্ৰীবড়োৱে কয়, যে বড়োলেণ্ডত শান্তিৰ পৰিবেশ স্থাপন কৰাত অঞ্চলটোৰ উন্নয়নৰ বাট প্রশস্ত হৈছে। আজিৰ অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মকে ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

July 30, 2025 8:31 PM

views 21

জালাহ সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি

বাক্সা জিলাৰ জালাহত আজি ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জালাহ সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ কার্যবাহী সদস্য গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিগত সময়ত উদ্বোধন কৰা চাৰিটাকৈ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ বিষয়ে উল্লেখ কৰি শ্রীদাসে কয়, যে এই নতুন কাৰ্যালয়টোৰ অধীনত ৩০৮টাকৈ অংগনৱাড়ী কেন্দ্র আছে। কার্যালয়সমূহে এই কেন্দ্ৰসমূহৰ উন্নয়নমূলক আৰু প্ৰশাসনিক কাম-কাজ ত্ব...

July 12, 2025 6:45 PM

views 26

আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত

বাক্সা জিলাৰ শালবাৰীত আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হৈছে। শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণণ বসুমতাৰীয়ে এই কর্মশালা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত আয়োজিত কৰ্মশালাত লোকনৃত্য, সৃজনীশীল নৃত্য-গীত, যোগাসন আৰু কবিতা আবৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আজি উদ্বোধনী অনুষ্ঠানত শালবাৰী অঞ্চলৰ কমেও ৬৫ গৰাকী ছাত্র-ছাত্রী উপস্থিত থাকে। ২৬ জুলাইত কৰ্মশালাৰ সামৰণি পৰিব ।

March 17, 2025 7:23 PM

views 25

বাক্সাত বনৰীয়া ম’হৰ আক্ৰমণত এজন বনকর্মী গুৰুতৰভাৱে আহত

বাক্সা জিলাৰ দাওৰাইবাৰীত বনৰীয়া ম'হৰ আক্ৰমণত আজি এজন বনকর্মী গুৰুতৰভাৱে আহত হয়। আজি পুৱাৰে পৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হে জিলাখনৰ উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাজাবিল, গোঁসাইভিঠা, দাওৰাইবাৰীকে দৰি কেইবাটাও অঞ্চলত উপদ্ৰৱ চলায়। বন বিভাগে ম'হটো খেদিবলৈ চেষ্টা চলোৱাৰ সময়তে ম'হটোৱে এজন বনকৰ্মীক আক্রমণ কৰে। আহত বনকৰ্মীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে সম্প্ৰতি ম'হটো বনাঞ্চললৈ আঁতৰি গৈছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

March 17, 2025 6:27 PM

views 27

বাক্সাত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত তিনিটা নতুন পকী পথ নিৰ্মাণৰ কাম আৰম্ভ

বাক্সা জিলাৰ ৪১ নম্বৰ মানাহ বিধানসভা সমষ্টি আৰু ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত তিনিটা নতুন পকী পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। বিধায়ক ফণীধৰ তালুকদাৰে আজি দলাজানিৰ পৰা খুচুৰাবাৰী-গোৱৰ্ধনা সংযোগী ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকীপথটোৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। ৭ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই পথে যাতায়তৰ ক্ষেত্ৰত জনসাধাৰণক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

February 17, 2025 6:03 PM

views 29

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত ৫ জনীয়া ডকাইটৰ দলৰ ২ লাখতকৈও অধিক টকা লুট

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত কালি নিশা ৫ জনীয়া ডকাইটৰ দল এটাই দুই লাখতকৈও অধিক টকা লুট কৰে। ধর্মধমাত থকা ভাৰত পেট্ৰ’লিয়াম ডিপত দুৰ্বৃত্তৰ দলটোৱে বাইকেৰে আহি কেশ্ব কাউণ্টাৰৰ দৰ্জা ভাঙি ধনখিনি লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে। কেশ্ব কাউণ্টাৰত শুই থকা কৰ্মচাৰীজনক দলটোৱে কম্বলেৰে হেচা মাৰি ধৰি টকাখিনি লৈ পলায়ন কৰে। ঘটনাৰ খবৰ পাই ধমধমা আৰক্ষীয়ে নিশাই পেট্ৰ’ল ডিপ’টোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

January 19, 2025 7:25 PM

views 28

অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ সামৰণি

বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সম্বন্বয় ক্ষেত্ৰত যোৱা ১৭ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অসম প্রাদেশিক যোগী সন্মিলনীৰ জালাহ অধিবেশনৰ আজি সামৰণি পৰে। এই উপলক্ষে দিনৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বি টি আৰ প্ৰধান প্রমোদ বড়ো, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা, উৰ্খাও গৌড়া ব্ৰহ্মকে ধৰি বি টি আৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অং...

January 3, 2025 9:53 PM

views 21

 ছাত্ৰ-ছাত্ৰীৰ মাজত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ চাইকেল বিতৰণ

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আজি বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শালবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰে বিটিআৰ প্ৰশাসনৰ সহযোগত বিতৰণ কৰা চাইকেলৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি তেওঁ অৱগত কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে কেইবাটাও অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা তেওঁ প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰ...