February 15, 2025 6:51 PM

views 14

বজং বিলৰ নান্দনিক পৰিৱেশত বৰঝাৰৰ বহু হাজাৰ লোকৰ সমূহীয়া মৎস চিকাৰত অংশগ্ৰহণ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ বৰঝৰাৰ বৰজং বিল পৰিচালনা সমিতিয়ে আয়োজন কৰা বাহো উৎসৱত বহুলোকে সমূহীয়া মৎস চিকাৰত ভাগ লয়। বজং বিলৰ নান্দনিক পৰিৱেশত অঞ্চলটোৰ বহু হাজাৰ লোকে সমূহীয়া মৎস চিকাৰত ভাগ লয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বৰজং বিল উন্নয়ন সমিতিয়ে বিগত ৮ বছৰে এই মৎস্য চিকাৰৰ আয়োজন কৰি আহিছে। বাৰিষাৰ পূৰ্বে বিলত অনুষ্ঠিত সমূহীয়া মাছধৰা পৰ্বত গোৱালপাৰা জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও বহুলোকে অংশগ্রহণ কৰে ৷