March 22, 2025 7:11 PM
18
বজালী প্রাথমিক শিক্ষা খণ্ডৰ নতুন ভৱনৰ শিলান্যাস
বজালী প্রাথমিক শিক্ষা খণ্ডৰ নতুন ভৱনৰ আজি শিক্ষা বিষয়া কিশোৰ ৰাজবংশীয়ে শিলান্যাস কৰে। শিক্ষা খণ্ডটোৰ কৰ্মচাৰী, লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আৰু ভালেসংখ্যক শিক্ষকৰ উপস্থিতিত এই শিলান্যাস কার্য অনুষ্ঠিত হয়। প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা আবণ্টিত ধনেৰে অসম আৰ্হিৰ ভৱনটো লোকনির্মাণ বিভাগে নিৰ্মাণ কৰিব।