January 2, 2026 8:59 PM

views 12

বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ লগতে পাঠশালাৰ কৃষ্ণনগৰত সন্থাৰ এটা কাৰ্য্যালয় উদ্বোধন কৰি নিজৰ সাংবাদিকতা জীৱনৰ স্মৃতিচাৰণ কৰে। তেওঁ যুৱ সাংবাদিকসকলক সংবাদ সেৱাৰ ক্ষেত্ৰত সাংবাদিকতাৰ নীতি-আদৰ্শ মানি চলিবলৈ আহ্বান জনায়। এই সভাতেই সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা ৩ গৰাকী ব্যক্তিক সংবাদ সান্নিধ্য বঁটা-২০২৫ আগবঢ়োৱা হয়। এইসকল হৈছে সু-চিকিৎসক ডাঃ চম্পক চৌধুৰী, সাংবাদিক আফতাব হুছেইন আৰু সমাজকৰ্মী নিপামণি কলিতা। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্...

December 2, 2025 9:59 PM

views 13

বজালীত অসম দৰ্শন আঁচনিৰ চেক বিতৰণ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাইছে বুলি আজি বজালীত মন্তব্য কৰে। অসম দৰ্শন আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ জনহিতৈষী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীদাসে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই অনুমোদন কৰিবলগীয়া আৰু ১০ লাখ পকী ঘৰৰ নিৰ্মাণৰ পাছত অসমৰ সকলো কেঁচা ঘৰ পকী হৈ উঠিব বুলি দাবী কৰে। এই ঘৰসমূহৰ বাবে হিতাধিকাৰীৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোনোধৰণৰ পক্ষ...