December 15, 2025 8:28 PM

views 10

অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ৰাষ্ট্ৰীয় গ্রীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ বজালীৰ বৰনগৰত উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্র স্থাপন

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্রীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বজালী জিলাৰ বৰনগৰত এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্র স্থাপনৰ সিদ্ধান্ত লৈছে। বৰনগৰ কেন্দ্ৰটোৱে বঙাইগাঁও জিলাৰ চালাকাটিৰ শক্তিকেন্দ্ৰটোৰ বিকল্প ৰূপে কাম কৰিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সৰুপেটা ৰাজহচক্ৰৰ অধীনৰ গদাপীঠ আৰু ভোগপুৰ গাঁৱত স্থাপন কৰিবলগীয়া এই অত্যাধুনিক শক্তিকেন্দ্ৰটো প্ৰথমতে ৪০০ কে ভি চুইচিং ষ্টেচনৰূপে নিৰ্মাণ কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত ই ৭৬৫ কে ভি শক্তি বিতৰণ কেন্দ্ৰ...