July 16, 2025 10:10 PM July 16, 2025 10:10 PM

views 11

বজালী জিলাৰ সীমা নির্ধাৰণ, সকলো কার্যালয় স্থাপনৰ দাবীত বজালী জিলা সুৰক্ষা সমিতিৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

বজালী জিলাৰ সীমা নির্ধাৰণ আৰু জিলাকেন্দ্ৰিক সকলো কার্যালয় স্থাপনৰ দাবীত বজালী জিলা সুৰক্ষা সমিতিয়ে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চৰকাৰীভাৱে বজালী মহকুমাক জিলা হিচাপে স্বীকৃতি দিয়াৰ ৪ বছৰ সম্পূৰ্ণ হ'ল যদিও এতিয়ালৈ জিলাখনৰ চাৰিসীমা নিৰ্ধাৰণ হোৱা নাই । তদুপৰি জিলা এখনৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিভাগসমূহো কাৰ্যকৰী নোহোৱাৰ ফলত জনসাধাৰণ অসুবিধাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বজালী জিলা সুৰক্ষা সমিতিৰ এটা দলে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত...