September 12, 2025 8:36 PM
10
বজালী জিলাৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত আইন সজাগতা সভা
বজালী জিলাৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি অনুষ্ঠিত এখন আইন সজাগতা সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তাহিদ আলম লস্কৰে কয়, যে সকলোৰে আইনৰ বিষয়ে জনাৰ অধিকাৰ আছে। বজালী ৰুৰেল এডভান্টেজ ছ’চাইটীৰ উদ্যোগত আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অনুষ্ঠিত আইন সজাগতা সভাখন বজালী বাৰ এছ'চিয়েচনৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে উদ্বোধন কৰে। এই সভাত বজালীৰ অতিৰিক্ত অধীক্ষক ত্রিনয়ন ভূঞাই এজাহাৰ, ই-এজাহাৰ, জিৰ’ এফ আই আৰ, জাননী আৰু হেণ্ডকাফ লগোৱ...