September 3, 2026 6:37 PM
3
বজালীত বিবেচক শীৰ্ষক কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক অনুষ্ঠিত
বজালী জিলাৰ ৮০ বছৰ বা তাতকৈ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক ঘৰৰ দুৱাৰমুখতে স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে ৰূপায়ণ হ'বলগীয়া বিবেচক শীৰ্ষক কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বজালী জিলা প্রশাসন আৰু জিলা স্বাস্থ্য সমিতি বজালীৰ উদ্যোগত আজি অনুষ্ঠিত এই বৈঠকত জিলা আয়ুক্ত মধুমিতা ভাগৱতীৰ অধ্যক্ষতাত বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলক চিনাক্ত কৰা, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা, নিয়মীয়া ঘৰুৱা স্বাস্থ্য পৰিদৰ্শন আৰু প্ৰয়োজন অনুসৰি উন্নত চিকিৎসা সেৱাৰ ব্যৱস্...