May 20, 2024 8:35 PM
16
গোৱালপাৰাৰ দুধনৈত ২৩ মে’ৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে বায়খ’ উৎসৱৰ আয়োজন
গোৱালপাৰা জিলাৰ দুধনৈত অহা ২৩ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাভা জনগোষ্ঠীৰ বায়খ’ উৎসৱ উদযাপন কৰা হ'ব। দুধনৈৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই উৎসৱৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে। উৎসৱৰ বাবে অঞ্চলটোত ব্যাপক প্রস্তুতি অব্যাহত আছে। ২০০ গৰাকী যুৱক-যুৱতীয়ে এই উৎসৱত সমৱেত হৈ ছাথাৰ নৃত্য পৰিৱেশন কৰিব। তদুপৰি পৰম্পৰাগত ৰীতি-নীতি আৰু মাংগলিক পৰম্পৰাৰে বায়খ’ পূজা, সন্ধিয়াৰ ভাগত পূজাৰীসকলে জুইৰ ওপৰত কৰা বাৰণাককাই নৃত্য আৰু বগেজাৰী নৃত্য পৰিৱেশন কৰা হ'ব।