April 14, 2025 7:35 PM

views 47

নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশ

ৰাজ্যখনৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। খাম, চেৰজা, চিফুং আৰু জাবশিঙৰ ছন্দত চৌদিশ মুখৰ হৈ উঠিছে। বৈশাগু উপলক্ষে আজি কোকৰাঝাৰ নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত থকা বাওখুংগ্ৰী পাহাৰ বগোৱা কাৰ্যসূচী অনুষ্ঠিত হয়। ল'ৰাৰ পৰা বুঢ়ালৈ বিভিন্ন বয়সৰ লোকে আজি এই কাৰ্যসূচীত অংশ লয়। চ'ত-ব'হাগৰ সংক্ৰান্তিৰ দিনা পৰম্পৰাগত বিশ্বাস অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে আজি এই পাহাৰখন বগাই অসূয়া-অশান্তি দূৰ কৰাৰ বাবে সংকল্...