May 24, 2025 4:20 PM May 24, 2025 4:20 PM

views 3

বাহৰেইনত উপস্থিত বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল

বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সর্বদলীয় প্ৰতিনিধিৰ দল আজি বাহৰেইনত উপস্থিত হৈছে। দলটোৱে সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক দেশখনৰ নেতৃবৰ্গৰ সন্মুখত তুলি ধৰিব। এই মুখামুখিত প্রতিনিধিদলটোৱে সীমান্তৰ সিপাৰৰ পৰা চলি থকা সন্ত্ৰাসবাদ সম্পৰ্কত ভাৰতৰ অনমনীয় স্থিতিৰ সন্দৰ্ভতো দেশখনক অৱগত কৰাব। সাংসদ পাণ্ডা আৰু অন্যান্যসকলক বিমান বন্দৰত বাহৰেইনত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনোদ কে জেকবে আদৰণি জনায়। এই প্রতিনিধি দলটোত আছে বিদেশ সচিব হর্ষ বর্ধন শ্রিংলা, এ আই এম আই এমৰ সাংসদ আছাদুদ্দি...