July 15, 2024 8:15 PM

views 18

ওড়িশাৰ পুৰীত বিশ্বপ্রসিদ্ধ বহুড়া যাত্রা আৰম্ভ

ওড়িশাৰ পুৰীত আজি বিশ্বপ্রসিদ্ধ বহুড়া যাত্রা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে, ভগৱান জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ, তেওঁলোকৰ ভগ্নী দেৱী সুভদ্ৰা আৰু ভগৱান সুদাশনৰ গুণ্ডিছা মন্দিৰৰ পৰা শ্ৰীমন্দিৰলৈ উভতনি ৰথ যাত্রা বহুড়া যাত্ৰাৰূপে জনাজাত। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তগণ বহুড়া যাত্ৰাত ভাগ লবলৈ ইতিমধ্যে পুৰীত উপস্থিত হৈছে। আজিৰে পৰা আৰম্ভ হোৱা বহুড়া যাত্ৰাৰ পাছত অহা বুধবাৰে দেৱ-দেৱীসকলৰ নিজ নিজ ৰথতে সুনাবেশা পর্ব আয়োজিত হ'ব। বৃহস্পতিবাৰে আধাৰপনা পর্ব অনুষ্ঠিত হোৱাৰ পাছত অহা শুকুৰবা...