January 18, 2026 9:04 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহৌ উৎসৱ তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহৌ উৎসৱ তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ কয়, যে এই অনুষ্ঠানৰ ঢৌৱে সমগ্ৰ দেশক স্পৰ্শ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ঐশ্চৰ্য্যশালী তথা মহান এই সংস্কৃতিক প্ৰশংসা কৰা বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে অনুষ্ঠানত প্ৰদৰ্শিত প্ৰাণৱন্ত বড়ো সংস্কৃতিৰ ওপৰত আলোকপাত কৰি ১০ হাজাৰতকৈও অধিক লোকৰ অংশগ্রহণ তথা লেজাৰ শ্বোৰ বিষয়েও উল্লেখ কৰে।

January 18, 2026 11:06 AM

views 40

বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যমঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে৷ শ্ৰীমোদীয়ে কয়, যে বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্রধানমন্ত্ৰীগৰা...

January 18, 2026 10:58 AM

views 10

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীৰ প্ৰকাশ

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীয়ে প্ৰকাশ কৰিছে। বাগৰুম্বা দহৌত অংশগ্ৰহণ কৰি শ্ৰীমহিলাৰীয়ে কালি এইদৰে মন্তব্য কৰে। ২০০৩ চনত অটল বিহাৰী বাজপেয়ীৰ দিনত বড়ো চুক্তি আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০২০ চনত বড়ো শান্তি চুক্তি সম্পাদিত হোৱা বুলি বিটিচিৰ মুৰববীগৰাকীয়ে কয়, যে বড়ো লোকসকলে বিজেপি চৰকাৰে দেখুওৱা মৰম কেতিয়াও পাহৰিব নোৱাৰে। বিজেপি চৰকাৰে লোৱা পদক্ষেপৰ বাবেই...

January 11, 2026 8:32 PM

views 17

১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইত বাগুৰুম্বা নৃত্য পৰিবেশন

অহা ১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত বাগুৰুম্বা নৃত্য পৰিবেশন কৰা হ'ব। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগুৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে প্রায় ১০ হাজাৰ শিল্পীয়ে নৃত্য পৰিবেশন কৰিব। এই অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহীসকলে নিজৰ এখন বৈধ পৰিচয়পত্র জমা দি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প, পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অথবা আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা প্ৰ...