August 9, 2025 10:00 PM

views 15

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্রধানমন্ত্ৰীৰ উপস্থিতিত অহা নৱেম্বৰত ১১ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰফালে ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগৰুম্বা পৰিবেশন কৰিব । ১০ হাজাৰ মহিলা নৃত্যশিল্পী আৰু এহেজাৰ পুৰুষ বাদ্যশিল্পীয়ে পৰিবেশন কৰিবলগীয়া এই অনুষ্ঠানটোক বাগৰুম্বা দ’হৌ ৰূপে নামকৰণ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি জনতা ভৱনত অনুষ্ঠিত এখন সভাত বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰস্তাৱিত নৃত্যানুষ্ঠানটিৰ বিষয়ে আলোচনা কৰাৰ লগতে বিশেষজ্ঞসকলে অনুষ্ঠানটিৰ বাবে প্ৰস্...