February 21, 2025 12:21 PM

views 27

বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিহু আৰু ঝুমুৰৰ পাছতে বাগৰুম্বা নৃত্যৰ অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে চলিত বছৰতে পদক্ষেপ গ্ৰহণ কৰিব। খানাপাৰা এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। অসমৰ নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ এই পৰিকল্পনা ব্যক্তি কৰি তেওঁ কয়, যে অহা অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত এই কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ইয়াৰ পিছৰ পৰ্যায়ত ৰাজ্যৰ ১ কোটি লোকক লৈ একেলগে জাতীয় সংগীত পৰিৱেশনৰো পৰিকল্পনা কৰিছে বুলি তেওঁ ব্যক্ত কৰে। উল্লেখ...