January 14, 2026 1:37 PM

views 26

অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইত বাগৰুম্বা নৃত্য পৰিবেশন

অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত বাগুৰুম্বা নৃত্য পৰিবেশন কৰা হ'ব। বাগুৰুম্বা দ'হৌ-২০২৬ শীর্ষক এই পৰিৱেশনে বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰিব বুলি ৰাজ্য চৰকাৰে আশা প্রকাশ কৰিছে। ৮ হাজাৰৰো অধিক শিল্পীয়ে এই লোকনৃত্য পৰিবেশনত অংশগ্ৰহণ কৰিব। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা স্টেডিয়ামত অনুষ্ঠানৰ অনুশীলন কার্যসূচী পূর্ণগতিত চলি আছে। বাগুৰুম্বা নৃত্য শিল্পীসকলে অংশগ্রহণ কৰিছে। উল্ল...

January 8, 2026 7:39 PM

views 48

বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রস্তুতি

অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়োসকলৰ বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রস্তুতি চলি আছে। আমাৰ নগাঁও জিলাৰ সংবাদদাতাই জনোৱা মতে নগাঁও চহৰৰ আৰক্ষী ছাউনীৰ খেলপথাৰত জিলাখনৰ ৩২৮ গৰাকী নৃত্য শিল্পী আৰু ১৪ গৰাকী বাদ্য শিল্পীক লৈ বাগৰুম্বা নৃত্যৰ অনুশীলন কৰা হৈছে। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই অনুশীলনস্থলীত আজি দুপৰীয়া নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শর্মা উপস্থিত হৈ শিল্পীসকলক উৎসাহিত কৰে। কোকৰা...

August 10, 2025 12:12 PM

views 13

প্রধানমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাইত বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা পৰিবেশন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰফালে ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগুৰুম্বা পৰিবেশন কৰিব। ১০ হাজাৰ মহিলা নৃত্যশিল্পী আৰু এহেজাৰ পুৰুষ বাদ্যশিল্পীয়ে পৰিবেশন কৰিবলগীয়া এই অনুষ্ঠানটোক বাগুৰুম্বা দ’হৌ ৰূপে নামকৰণ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি জনতা ভৱনত অনুষ্ঠিত এখন সভাত বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰস্তাৱিত নৃত্যানুষ্ঠানটিৰ বিষয়ে আলোচনা কৰাৰ লগতে বিশেষজ্ঞসকলে অনুষ্ঠানটিৰ বাবে প্ৰ...