October 19, 2024 8:24 PM

views 23

বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ ফুটবলত ল’ৰাৰ শাখাত কাৰ্বি আংলং, ছোৱালীৰ শাখাত কোকৰাঝাৰ জিলা বিজয়ী

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ শীৰ্ষক ১৩ বছৰ অনূৰ্ধ্বৰ ল'ৰা আৰু ছোৱালী ফুটবল প্রতিযোগিতাৰ কেন্দ্ৰীয় পৰ্যায়ৰ খেলসমূহ আজি অনুষ্ঠিত হয়। বাক্সা জিলাৰ সদৰত থকা মুছলপুৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত পৰ্যায়ৰ খেলত ল'ৰাৰ শাখাত কাৰ্বি আংলং জিলাৰ ফুটবল দলে কোকৰাঝাৰ ফুটবল দলক ১-০ গ’লত পৰাস্ত কৰে। ছোৱালীৰ শাখাত কোকৰাঝাৰ জিলাৰ ফুটবল দলে ওদালগুৰি জিলাৰ ফুটবল দলক টাইব্ৰেকাৰৰ জৰিয়তে ৩-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰে।...