May 25, 2024 8:30 PM

views 36

বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰ

ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰে ৰিঅ’ডি জেনেৰিঅ’ত অনুষ্ঠিত বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মানুষ আৰু মানৱৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলৰ লুকাছ ৰোমানছকি আৰু ফেলিপে ডোটিৰ যুটীটো ৩-০ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে আজি সন্ধিয়া ছেমি ফাইনেলত ফ্ৰান্সৰ লিলিয়ান বাৰ্ডেৰ্ট আৰু জুলছ ৰোলাণ্ডৰ সন্মুখীন হ’ব। 

May 25, 2024 5:50 PM

views 28

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমিফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং য়ি মেনৰ হাতত পৰাজিত হৈছিল।

May 19, 2024 7:13 PM

views 26

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ থাইলেণ্ড অপেনৰ খিতাপ অৰ্জন

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। সাত্বিকসাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ চেন বো য়াং আৰু লিউ ইক ২১-১৫, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে ২০১৯ চনত এই প্রতিযোগিতাতে প্ৰথমটো চুপাৰ চিৰিজ খিতাপ লাভ কৰিছিল।

May 9, 2024 8:54 PM

views 24

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলৰ মতে কাইলৈ সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং উ...

May 2, 2024 12:13 PM

views 34

থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় পুৰুষ দল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত

◊ ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ইতিমধ্যে গ্রুপ পর্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইন্দোনেছিয়া হাতত পৰাজিত হৈ গ্ৰুপৰ শীৰ্ষ স্থানৰ পৰা অৱনমিত হৈছে। কালি প্ৰথমখন খেলত ভাৰতৰ এইচ এছ প্রণয়ে এন্থনী চিনিচুকা গিণ্টিংক ১৩-২১, ২১-১২, ২১–১২ গে’মত পৰাস্ত কৰি দেশক ১-০ অগ্রগতি প্ৰদান কৰে। অৱশ্যে ডাবল্‌ছত সাত্বিক চাইৰাজ ৰণকিৰেড্ডী ...

May 1, 2024 1:12 PM

views 31

ভাৰতত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতে ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰিব। গুৱাহাটীৰ নেশ্যনেল চেণ্টাৰ অব এক্সিলেন্সত এই প্রতিযোগিতাৰ আয়োজন কৰা হ'ব। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন বি ডব্লিউ এফৰ সভাপতি প'ল এৰিক হোয়ৰে কৈছে যে ভাৰতত যুৱ বেডমিণ্টন প্রতিভাৰ উত্থান ঘটা পৰিলক্ষিত হৈছে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত বি ডব্লিউ এফে ভাৰতত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। প্ৰতিযোগিতাৰ সূচী পিছত ঘোষণা কৰা হ'ব। ইয়াৰ পূৰ্বে ২০০৮ চনত পুণেত বিশ্ব জুনিয়ৰ বেডমিণ্টন প...

April 9, 2024 8:18 PM

views 18

লণ্ডনত হ’বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত অৰূপ বুঢ়াগোহাঁইৰ অংশগ্ৰহণ

লখিমপুৰৰ অৰূপ বুঢ়াগোহাঁয়ে অহা ১২ ৰ পৰা ১৪ এপ্ৰিললৈ লণ্ডনত হ'বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ৫০ বছৰৰ উৰ্ধৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ প্ৰতিযোগিতাৰ ডাবলছত গুজৰাটৰ উন্নীকৃষ্ণন বাৰ্মাৰ সৈতে অৱতীৰ্ণ হ'ব।

April 9, 2024 12:12 PM

views 36

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতা

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ আৰম্ভ হ'ব। প্রতিযোগিতাত ভাৰতৰ হৈ এইচ এছ প্ৰণয়, কিদাম্বী শ্রীকান্ত, লক্ষ্য সেন আৰু পি ভি সিন্ধুকে ধৰি কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় চীনৰ লু গুৱাজঝৌ আৰু কিদাম্বী শ্রীকান্ত ইণ্ডোনেছিয়াৰ এনথনী গিংটিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত শীৰ্ষ বাছনিপ্ৰাপ্ত ছি য়ু কীৰ মুখামুখি হ'ব। ভাৰতৰ আন এগৰাকী খেলুৱৈ প্রিয়াংশু ৰাজাৱাটে মালয়েছিয়াৰ...

April 6, 2024 7:32 PM

views 20

কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছত ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনৰ খিতাপ অৰ্জন

ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনে কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত মহিলা আৰু পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অনুপমাই আজি আস্তানাত অনুষ্ঠিত ফাইনেলত সতীৰ্থ খেলুৱৈ ঈষাৰাণী বৰুৱাক ২১-১৫, ২১-১৬ গেমত পৰাস্ত কৰে। আনহাতে থাৰুনে মালয়েছিয়াৰ ছুং জু ৱেনক ২১-১০, ২১-১৯ গেমত পৰাজিত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ হস্তগত কৰে। অৱশ্যে ভাৰতৰ সঞ্জয় শ্রীৱছ ধনৰাজ আৰু মনিষা কেৰ যুটিতো মিক্সড ডাবলছৰ ফাইনেলত মালেয়েচিয়াৰ ৱোং টিয়েন চি আৰু লিম চিৱ চিয়েনৰ হাতত ২১-৯, ৭-২১, ১২-২১ গেম...

April 6, 2024 5:27 PM

views 46

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱা ফাইনেলত প্ৰৱেশ

ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱাই আস্তানাত চলি থকা কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ফাইনেলৰ বাবে অগ্রগতি লাভ কৰিছে। যোৱা নিশা অনুষ্ঠিত খেলত অনুপমা উপাধ্যায়ে জাপানৰ ছ'ৰানা য়শ্বিকাৱাক আৰু ঈশাৰাণী বৰুৱাই তৃতীয় বাছনিৰ হংকঙৰ ল' ছিন য়ান হেপীক পৰাজিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ তৰুন মান্নেপল্লীয়ে ফাইনেলত প্ৰবেশ কৰিছে। ফাইনেলত তেওঁ অষ্টম বাছনিৰ মালয়েছিয়াৰ খেলুৱৈ ছুং জ' ভেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মিক্সড ডাবলছত ভাৰতীয় যুটী সঞ্জয় শ্রীবাস্তব ধনৰাজ আৰু...