October 25, 2024 7:42 PM

views 21

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হৈছে। আজি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ডিব্ৰুগড় চহৰত এনে এখন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অতি আশাব্যঞ্জক। উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈয়ে এই প্রতিয়োগিতাত অংশগ্ৰহণ কৰিছে।

October 23, 2024 12:21 PM

views 21

কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা

সশস্ত্র সীমা বল গুৱাহাটীৰ ফ্ৰণ্টিয়াৰ কাৰ্যালয়ে কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত কৰিব। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ কুমাৰকুচিত থকা লক্ষ্মীবাঈ নেচনেল ইনষ্টিউট অৱ ফিজিকেল এডুকেশ্বনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ২৭ অক্টোবৰত প্রতিযোগিতাৰ সামৰণি পৰিব।

October 17, 2024 11:08 AM

views 21

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু চীনৰ হান য়ুৰ সন্মুখীন

অলিম্পিক পদক বিজেতা পি ভি সিন্ধু আজি ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ'ব।

October 10, 2024 5:13 PM

views 26

ARCTIC OPEN বেডমিণ্টনত লক্ষ্য সেন আৰু কিৰণ জৰ্জ পুৰুষৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিনলেণ্ডৰ ৱাণ্টাত অনুষ্ঠিত ARCTIC OPEN বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেন আৰু কিৰণ জৰ্জ পুৰুষৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে কালি বিশ্বৰ ২৫ নম্বৰ খেলুৱৈ টাইৱানৰ ৱাং জু ৱেক ২৩-২১, ২১-১৮ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় পৰ্যায়ত আজি খেলুৱৈগৰাকী ইন্দোনেছিয়াৰ জোনাটন কৃষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, লক্ষ্য সেনে টাইৱানত আজি বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী চৌ টিয়েন চেনৰ বিৰুদ্ধে খেলিব। ইপিনে, মহিলাৰ একক শাখাত ভাৰতৰ মালবিকা বাঞ্চ’ৰ, উন্নতি হোদা আৰু আকর্ষি কা...

October 9, 2024 6:44 PM

views 17

আর্কটিক অ’পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন আজি ফিনলেণ্ডৰ ভান্টাত অনুষ্ঠিত আর্কটিক অ'পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি তেওঁ পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ডেনমাৰ্কৰ ৰাছমুছ গেমকেৰ বিৰুদ্ধে খেলাৰ কথা আছিল যদিও গেমকেই প্ৰথম ৰাউণ্ডৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাত সেনে ৱাক অভাৰ পায়। প্রতিযোগিতাত আজি অন্য এগৰাকী ভাৰতীয় শ্বাটলাৰ কিৰণ জৰ্জ চাইনিজ টাইপেইৰ ৱাং জু ৱেইৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. কালি প্ৰথম ৰাউণ্ডত কানাডাৰ মিচেল লিৰ হাতত পৰাস্ত হৈ প...

October 8, 2024 12:08 PM

views 29

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ'ব। অহা ১৩ অক্টোবৰত ৬ দিনীয়া এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। পেৰিছ অলিম্পিকৰ পাছত ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু লক্ষ্য সেন প্ৰথমবাৰৰ পুনৰ প্ৰতিযোগিতাত নামিব। তদুপৰি অনুপ শ্ৰীধৰ আৰু কোৰিয়াৰ লী ছিউন ইলৰ অধীনত নতুনকৈ প্ৰশিক্ষণ লাভ কৰাৰ পাছত পি ভি সিন্ধুৰ এয়া হ'ব প্ৰথমখন প্রতিযোগিতা। ১২ জনীয়া সদস্যৰ ভাৰতীয় দলটোত কিদাম্বি শ্রীকান্তো আছে।

September 28, 2024 10:39 AM

views 14

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে আজি মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত টাইৱানৰ শ্বে পে চান্দ আৰু হুং এ তুজুৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ ১০ বাজি ৫০ মিনিটত আৰম্ভ হ'ব। তৃতীয় বাছনিৰ ভাৰতীয় যুটীটোৱে টাইৱানৰ শ্বু য়িন হুই আৰু রু লু য়ুক ২১-১২, ২১-১৭ত গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

September 13, 2024 9:20 PM

views 20

ভিয়েটনাম অ’পেন বেডমিণ্টনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটি

ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটিটো ভিয়েটনাম অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ক্ৰাষ্টো আৰু কপিলাৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰে সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা ৱৰিয়থৰ যুটীটোক ১৪-২১, ২১-১০, ২১-১৪ গেমত পৰস্ত কৰে। ইপিনে, এম থাৰুনে জাপানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে।

September 10, 2024 12:53 PM

views 24

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলৰ দলীয় খিতাপ দখল

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত চলি থকা য়'নেক্স-ছানৰাইছ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলে দলীয় শাখাত খিতাপ দখল কৰিছে। অৱশ্যে জুনিয়ৰ ল'ৰাৰ দলীয় শাখাৰ ফাইনেলত অসমৰ দলটো মিজোৰামৰ বিৰুদ্ধে ২-০ গেমৰ ব্যৱধানত পৰাস্ত হয়। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ মহিলাৰ দলীয় শাখাৰ ফাইনেলত অসমে ৩-১ গেমৰ ব্যৱধানত মণিপুৰক পৰাস্ত কৰে। পুৰুষৰ একক শাখাৰ ফাইনেলত অৰুণাচল প্ৰদেশৰ দলটোৱে মিজোৰামক ৩-২ গেমত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে খিত...

September 2, 2024 4:00 PM

views 22

ইউ এছ অপেন টেনিছত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটী পৰাস্ত

ইউ এছ অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো পৰাস্ত হয়। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰতৰ বোপন্না-এবডেন যুটী ষষ্ঠদশ বাছনিৰ আৰ্জেণ্টিনাৰ মেক্সিম গঞ্জালেজ আৰু এন্ড্ৰেছ মিিটনিৰ হাতত ১-৬, ৫-৭ ছেটত পৰাস্ত হয়। সুমিত নাগল পুৰুষৰ ছিংগলছৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰা বাহিৰ হয়। আনহাতে য়ুকি ভান্ত্ৰী আৰু এন শ্ৰীৰাম বালাজীয়ে পুৰুষৰ ডাবলছৰ বিভিন্ন পৰ্যায়ত পৰাজয় বৰণ কৰে। ইফালে ভাৰতৰ ৰোহন বোপন্না আৰু ইন্দোনেছিয়াৰ এলডিলা ছুটজিয়াদি যুটীয়ে প্ৰতিয...