January 5, 2025 8:06 PM

views 19

শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলৰ সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ লাভ

নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপত শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলে পাটনাৰ আঞ্চলিক ক্রীড়া বৰ্ডক ২-০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰিছে। প্ৰথম একক খেলত আৰ এছ বি, শ্বিলঙৰ অমোলিকা সিং চিছোদিয়াই বিভা কুমাৰীক ২১-১১, ২১–১২ ব্যৱধানত পৰাস্ত কৰে। আনহাতে, প্রথম ডাবলছ খেলত শ্বিলঙৰ অমোলিকা সিং চিছোদিয়া আৰু পিংকি কাৰ্কিয়ে চিমৰন কলিতা আৰু দিপালী গুপ্তক ২১-১৪, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে। ইফালে, আৰ এছ বি, শ্বিলঙৰ পুৰুষ দলেও ২৩ বছৰৰ পিছত ...

December 28, 2024 11:09 AM

views 31

কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাত লক্ষ্য সেনৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে চীনৰ চেনজেনত চলি থকা কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰেংকিঙত দ্বাদশ স্থানপ্রাপ্ত খেলুৱৈগৰাকীয়ে কালি কোৱাৰ্টাৰ ফাইনেলত প্রতিদ্বন্দ্বী এংগছ এন জি কা লঙক ১০-২১, ২১-১৩, ২১-১৩ গেমত পৰাস্ত কৰে। এয়া হ'ল লঙৰ বিৰুদ্ধে চাৰিখন খেলত ভাৰতীয় খেলুৱৈগৰাকীৰ প্ৰথম বিজয়। ছেমিফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি চীনৰ হু ঝে আনৰ মুখামুখি হ'ব।

December 17, 2024 8:34 PM

views 24

টপচেম-এ এছ জে এ ক্ৰীড়া মহোৎসৱ বেডমিণ্টনত চেম্পিয়ন আকাশবাণী

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা টপচেম-এ এছ জে এ আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱৰ বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ দলীয় শাখাত আকাশবাণী চেম্পিয়ন হৈছে৷ মঙলবাৰে আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত মানস প্ৰতীম শৰ্মা আৰু মনদ্বীপ মহন্তৰ দ্বাৰা গঠিত আকাশবাণীৰ দলটোৱে ২-১ ৰ ব্যৱধানত প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰা আৰু ৰনজিত ৰায় যুটিক পৰাস্ত কৰে৷ ইফালে, প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ একক শাখাত চেম্পিয়ন হয় প্ৰাগ নিউজৰ জ্ঞান ৰঞ্জন বৰা আৰু এন ই লাইভৰ ছ...

December 17, 2024 8:32 PM

views 21

ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসম দল ৰাওনা

অহা ১৮-২৪ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হ’বলগা ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসমৰ মহিলাৰ দলটো মঙলবাৰে ৰাওনা হৈছে৷ আনহাতে, অসমৰ পুৰুষ দলটো বুধবাৰে ৰাওনা হ’ব৷ উভয় দলকে অসম বেডমিণ্টন সন্থাই বিমানযোগে প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি প্ৰতিযোগিতাত অসমৰ দহজনীয়া পৰুষ তথা এঘাৰ জনীয়া মহিলা দলে অংশ লোৱাৰ লগতে পাঁচজনীয়া প্ৰশিক্ষক, মেনেজাৰ আৰু ফিজিঅ’ৰ এটা সহায়ক দল থাকিব৷ অসমে একক, ডাবলছ, মিক্সড তথা দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব৷ আনহাতে, এই প্ৰতিযোগিত...

December 13, 2024 6:01 PM

views 21

বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ ফাইনেলছ বেডমিণ্টনত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী জাপানৰ নামি মাছুয়ামা আৰু ছিহাৰু ছিদাৰ যুটীৰ হাতত পৰাস্ত

চীনৰ হাংঝৌত অনুষ্ঠিত বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ ফাইনেল বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন খেলত আজি ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো জাপানৰ নামি মাছুয়ামা আৰু ছিহাৰু ছিদাৰ যুটীৰ হাতত ১৭-২১, ১৩-২১ গেমত পৰাস্ত হয়।এই প্রতিযোগিতাখনত প্ৰতিনিধিত্ব কৰা ভাৰতৰ একমাত্ৰ যুটীটোৰ পৰাজয়ৰ পাছতে বি ডব্লিউ এফ ৱাৰ্ল্ড টুৰ ফাইনেলত ভাৰতৰ অভিযানৰ অন্ত পৰে।

December 9, 2024 1:56 PM

views 18

গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাত মহিলাৰ ডাবলছৰ খিতাপ বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ

ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল ৪৩ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লী হুৱা ঝৌ আৰু ৱাং জী মেঙক ২১-১৮, ২১–১২ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শনৰ পাছত এই বিজয়ৰে ভাৰতীয় যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিলে। ইপিনে পুৰুষৰ একক শাখাত সতীশ কুমাৰ কৰুণাকৰণে চীনৰ ঝু ছুৱান চেনক ২১–১৭, ২১-১৮ গেমত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ছুপাৰ হান্ড্রেড খিতাপ দখ...

December 5, 2024 9:07 PM

views 11

মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টনত ভাৰতৰ এম তৰুণ পুৰুষ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ এম তৰুণে পুৰুষৰ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্রতিযোগিতাখনত আজি অনুষ্ঠিত প্ৰি- কোৱাৰ্টাৰ ফাইনেলত তৰুণে ২৪-২২, ১৫–২১, ২১-১৩ৰ ব্যৱধানত শীৰ্ষ বাছনিৰ ভাৰতীয় শ্বাটলাৰ প্ৰিয়াংশু ৰাজাৱাটক পৰাস্ত কৰে। তেওঁৰ লগতে ভাৰতীয় খেলুৱৈ সতীশ কুমাৰ, ৰবি ৰবি আৰু আয়ুস চেত্তীয়ে পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰ...

December 4, 2024 12:39 PM

views 16

গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত আজি অসমৰ ঈষা ৰাণী বৰুৱা অনমোল খাৰ্বেৰ বিৰুদ্ধে অৱতীৰ্ণ

অসমৰ ঈষা ৰাণী বৰুৱাই আজি গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ মহিলাৰ একক শাখাত অনমোল খাৰ্বেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঈষাৰাণীয়ে আজি বিয়লিৰ ভাগতে প্ৰথম ৰাউণ্ডৰ খেল খেলিব । উল্লেখযোগ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেশ্যনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনত বিশ্বৰ ২৩খন দেশৰ ৪৬১গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে। মুঠ ১ লাখ আমেৰিকান ডলাৰ প্ৰাইজমাণি থকা প্রতিযোগিতাখন অহা ৮ ডিচেম্বৰত সামৰণি পৰিব।

December 1, 2024 12:36 PM

views 17

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধু আৰু লক্ষ্য সেনৰ ফাইনেলত প্ৰৱেশ

লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল মেচখন আজি বিয়লি খেলোৱা হ'ব। প্রতিযোগিতাখনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত সিন্ধুৱে উন্নতি হুদাক ২১-১২ আৰু ২১-৯ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। ফাইনেলনত খেলুৱৈগৰাকীয়ে চীনৰ য়ু লু ইউৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ ফাইনেলত ছিংগাপুৰৰ জিয়া হেং জেছন টেহৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সেনে কালি জাপানৰ শ্বোগো ওগাৱাক ২১–৮, ২১-১৪ ফ...

November 30, 2024 8:56 PM

views 14

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলা মহিলা ডাবল্‌ছৰ ফাইনেলত প্ৰৱেশ

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলাই থাইলেণ্ডৰ বেনয়াপা আইমষ্টাৰ্ড আৰু নুন্তাকাৰ্ন আইমষ্টাৰ্ডক ১৮-২১, ২১–১৮, ২১–১০ ছেটত পৰাস্ত কৰি মহিলা ডাবল্‌ছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে উন্নতি হোদাক ২১-১২, ২১-৯ ছেটত পৰাস্ত কৰি মহিলা একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে মিক্সড ডাবল্‌ছত ভাৰতীয় যুটি ধ্ৰুৰ্‌ কপিলা আৰু তানিছা ক্ৰাষ্টোৱে চীনৰ জ’ জি হং আৰু য়ং জি য়ৰ বিৰুদ্ধে ২১-১৬, ২১-১৫ ছেটত জয়লাভ কৰি...