October 14, 2025 11:56 AM

views 38

ডেনমার্ক অপেন ২০২৫ত লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে ভাৰতক নেতৃত্ব দিব

● বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে আজি আৰম্ভ হ'বলগীয়া ডেনমার্ক অপেন ২০২৫ত ভাৰতক নেতৃত্ব দিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনৰ সৈতে আয়ুষ চেট্টীয়ে যোগদান কৰিব। পুৰুষৰ ডাবলছত ষষ্ঠ বাছনিৰ ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীৰ লগতে ছাই প্রতীকে আৰু পৃথ্বী কৃষ্ণমূৰ্তিৰায়ে অংশগ্রহণ কৰিব। মহিলাৰ ছিংগলছত ভাৰতৰ আনমোল খাবেই প্ৰৱেশ কৰিছে। মিক্সড ডাবলছত অলিম্পিয়ান তানিশা ক্ৰাষ্ট’ৱে ধ্ৰুৱ কপিলাৰ সৈতে অংশ লোৱাৰ লগতে মহিলাৰ ডাবল...

October 13, 2025 1:20 PM

views 42

আজিৰে পৰা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আৰম্ভ

কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হ'ব। ল'ৰা আৰু ছোৱালীৰ একক শাখাৰ লগতে দ্বৈত শাখাৰ খেলো অনুষ্ঠিত হ'ব।

October 10, 2025 8:30 PM

views 35

ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ভাৰতৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতীয় বেডমিন্টন দলে আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক অর্জন কৰে। ভাৰতে আজি ইণ্ডোনেছিয়াৰ হাতত পৰাভূত হয় যদিও ছেমি ফাইনেলত প্রবেশ কৰাৰ সুবাদত প্ৰথমবাৰৰ বাবে প্রতিযোগিতাত পদক অর্জন কৰিবলৈ সমর্থ হয়। উন্নতি হুদা নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৰ ছেমি ফাইনেলত ৩৫-৪৫, ২১-৪৫ পোনপটীয়া গেমত পৰাভূত হয়।

October 8, 2025 6:22 PM

views 43

বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপত ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

 কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা আজি ভাৰতৰ খেলুৱৈয়ে সংযুক্ত আৰৱ এমিৰ্টেছৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ নকআউট পৰ্যায়ৰ খেলত ভাৰত-দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

October 7, 2025 6:36 PM

views 38

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰতৰ শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বিতীয় দিনা ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কাইলৈ ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব।

October 7, 2025 12:34 PM

views 57

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে জয়েৰে অভিযান আৰম্ভ

● কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। কালি অনুষ্ঠিত গ্ৰুপৰ প্ৰথমখন খেলত ভাৰতে নেপালক ২-০ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে আজি শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত গ্ৰুপৰ আন এখন খেলত শ্রীলংকাই সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰক পৰাস্ত কৰে। কালি অনুষ্ঠিত আন কেইখনমান খেলত ফ্রান্সে নৰ'ৱেক, আমেৰিকাই ভিয়েটনামক, তুৰস্কই উগাণ্ডাক, চীনে ঘানাক, চাইনিজ টাইপেই ব্রাজিলক, ডেনমার্কে নেডাৰলেণ্ডক পৰাস্ত কৰে।

October 5, 2025 8:52 PM

views 30

আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ শ্রীয়ান্সী বলিচেটিয়ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

আবুধাবিত চলি থকা আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উদীয়মান খেলুৱৈ শ্রীয়ান্সী বলিচেটিয়ে মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্রতিদ্বন্দ্বী তাছনিমক ১৫-২১, ২২-২০ আৰু ২২-২০ গেমত পৰাস্ত কৰে। পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতীয় যুটী হৰিহৰণ আমছা কৰুণন আৰু অর্জুন মাদাখিল ৰামাচন্দ্ৰন ইন্দোনেছিয়াৰ ৰেমণ্ড ইন্দ্ৰ আৰু নিকোলাচ জোৱাকিনৰ মুখামুখি হ'ব।

October 5, 2025 7:59 PM

views 33

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ৰাজ্যত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ আমিনগাঁৱত হ'বলগীয়া এই প্রতিযোগিতাত ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অংশ ল'ব। প্রতিযোগিতাৰ বাবে ইতিমধ্যে ৯ খন বেডমিণ্টন কোর্ট সাজু কৰি তোলা হৈছে বুলি আয়োজক সমিতিয়ে প্রকাশ কৰিছে। অহা ১৯ অক্তোবৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব।

September 14, 2025 8:54 PM

views 23

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন পৰাস্ত

হংকং অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ফাইনেলত আজি ভাৰতৰ লক্ষ্য সেন - চীনৰ লি চি ফেঙৰ হাতত পৰাস্ত হয়। ফেঙে ভাৰতীয় খেলুৱৈগৰাকী খেলৰ ৪৫ মিনিটতে ২১-১৫ আৰু ২১-১২ৰ পোনপটীয়া ছেটত পৰাস্ত হৈ ছেম্পিয়নৰ খিতাপ দখল কৰে। ইয়াৰ লগে লগে চীন কোনো এখন প্ৰতিযোগিতাৰ আটাইকেইটা ইভেণ্টতে ছেম্পিয়ন হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ভাৰতীয় যুটী সত্তিক সাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো পুৰুষৰ ডাবলছ শিতানত চীনৰ লিয়াং উইকেং আৰু ৱাং ছাঙৰ হাতত পৰাজিত হয়।

September 11, 2025 3:12 PM

views 30

হংকং অ’পেন বেডমিণ্টনত সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটী ফাইনেলত প্ৰৱেশ

■ ভাৰতৰ সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে হংকং অ'পেন বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ডাবল্‌ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে আজি প্রি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ পিৰাছাই চুকফোন আৰু পক্কাপন টিৰাটচাকুলৰ যুটিটোক ১৮-২১, ২১-১৫, ২১-১১ গেমত পৰাস্ত কৰে। ভাৰতীয় যুটিটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইদি আৰিফ আৰু ৰয় কিং য়াপৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব