May 24, 2025 3:48 PM

views 23

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনত কিদাম্বি শ্রীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্রীকান্তে কুৱালালামপুৰত চলি থকা মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত তেওঁ আজি জাপানৰ শ্বি তানাকাক ২১-১৮, ২৪-২২ গেমত পৰাজিত কৰে। এই জয়ৰ জৰৰিতে কিদাম্বি শ্রীকান্ত চলিত বছৰত ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ'ল।

January 8, 2025 8:45 PM

views 21

মালয়েছিয়া অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইছ এছ প্রণয়

ভাৰতৰ এইছ এছ প্রণয়ে কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি এখন বর্ষাবিঘ্নিত খেলত কানাডাৰ ব্ৰায়ন য়াঙক ২১–১২, ১৭– ২১, ২১-১৫ গেমত পৰাস্ত কৰে। প্ৰণয়ে কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ শ্বি ফেং লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

November 12, 2024 8:52 AM

views 18

জাপান মাষ্টাৰ্ছ ছুপাৰ-৫০০ বেডমিণ্টনত পি ভি সিন্ধু আৰু লক্ষ্য সেনে অংশগ্ৰহণ কৰিব

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজিৰ পৰা আৰম্ভ হ'বলগীয়া জাপান মাষ্টাৰ্ছ ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগতাত অংশগ্ৰহণ কৰিব। সিন্ধু কাইলৈ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত নিজৰ প্ৰথমখন খেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বি বুছানান অংবামৰুংফানৰ মুখামুখি হ’ব। ইপিনে, পুৰুষৰ ছিংগলছত লক্ষ্য সেন মালয়েছিয়াৰ লিয়ন জুন হাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ডাবলছত ভাৰতৰ গায়ত্ৰী গোপীছান্দ আৰু তৃষা জলীৰ যুটীটোৱে চীনা টাইপেইৰ শ্বু য়িন হুই আৰু লীন ঝিহ য়ুনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। প্ৰতিযোগি...

November 3, 2024 11:54 AM

views 26

হাইলো অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ মালবিকা বঙ্গোড়েৰ প্ৰৱেশ

ভাৰতৰ মালবিকা বঙ্গোড়ে হাইলো অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালবিকাই কালি ছেমিফাইনেলত ডেনমার্কৰ জুলী ডাবল জেকবছেনক ২৩-২১, ২১-১৮ গেমত পৰাস্ত কৰে। মালবিকা আজি ফাইনেলত ডেনমাৰ্কৰ অন্য এগৰাকী খেলুৱৈ সপ্তম বাছনিপ্রাপ্ত মিয়া ছিফেল্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২০২২ বৰ্ষত ছৈয়দ মোদী ইণ্টাৰনেচনেল বি ডব্লিউ এফ ছুপাৰ ৩০০ প্রতিযোগিতাৰ ফাইনেলত পি ভি সিন্ধুৰ হাতত পৰাজিত হৈ ৰানাৰ্ছাপৰ খিতাপ অৰ্জন কৰা মালবিকাই এইবাৰ দ্বিতীয়বাৰৰ বাবে বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ প্ৰতিযোগিতাৰ ফাইনেলত অৱ...

November 1, 2024 12:35 PM

views 22

মালৱিকা বল’ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰী হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালৱিকা বল'ড়, আয়ুষ ছেট্টী, সতীশ কুমাৰ কৰুণাকৰণ আৰু ৰক্ষিতাশ্ৰীয়ে জাৰ্মানীৰ ছাৰব্ৰুকেনত অনুষ্ঠিত হাইলো অপেন বেডমিণ্টন প্রতিযোগিতাৰ নিজ নিজ শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালৱিকা বন্স'ড়ে কালি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইৰিণা এমেলি এণ্ডাৰছনক ২১-১৩, ২১-১৬ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ২৩ বছৰীয়া বন্স'ড়ে কোৱাৰ্টাৰ ফাইনেলত ভিয়েটনামৰ গুয়েন থ্যু লিন্হৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, ১৭ বছৰীয়া ৰক্ষিতাশ্ৰীয়ে কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত বৃহৎ অঘটন ঘটাই ক...