September 8, 2024 9:09 PM

views 23

য়’নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল’ৰা আৰু ছোৱালী দলৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ য়'নেক্স চানৰাইজ উত্তৰ পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা দলৰ লগতে জুনিয়ৰ ল'ৰা আৰু ছোৱালী দলেও ফাইনেলত প্ৰৱেশ কৰিছে। অসম বেডমিণ্টন সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ ছেমিফাইনেলত অসমৰ মহিলা দলটোৱে নাগালেণ্ডক ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰে। ইফালে, জুনিয়ৰ শাখাত অসমৰ ল'ৰা আৰু ছোৱালী উভয় দলে অৰুণাচলৰ দল দুটাক পৰাস্ত কৰে । খিতাপৰ বাবে দুয়োটা দলে মিজোৰামৰ ল'ৰা আৰু ছোৱালীৰ...

September 8, 2024 12:14 PM

views 26

য়’নেক্স- ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাৰ দলীয় শাখাৰ ছেমিফাইনেলত অসমৰ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলৰ প্ৰৱেশ

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত য়'নেক্স- ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা চলি আছে। বেডমিণ্টন এছ'চিয়েচন অব ইণ্ডিয়াৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দলীয় শাখাৰ ছেমিফাইনেলত অসমৰ পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল'ৰা আৰু ছোৱালীৰ দলে প্ৰৱেশ কৰিছে। পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ উভয় দলে ৩-০ ৰ ব্যৱধানত মেঘালয়ক পৰাস্ত কৰে। জুনিয়ৰ ল'ৰাৰ কোৱাৰ্টাৰ ফাইনেলত অসমে ২-০ৰ ব্যৱধানত নাগালেণ্ডক পৰাস্ত কৰ...

September 4, 2024 7:24 PM

views 21

৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা

অহা ৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ'ব। বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ ৰাধা গোবিন্দ ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত খেলোৱা হ'ব। অসম বেডমিণ্টন সন্থাই প্ৰকাশ কৰা অনুসৰি অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ প্ৰায় ২৫০ খেলুৱৈৱে অংশগ্ৰহণ কৰিব। ইয়াৰে ১৫০ গৰাকী পুৰুষ আৰু প্ৰায় ১০০ গৰাকী মহিলা শ্বাটলাৰ। আনহাতে খেল পৰিচালক...

May 12, 2024 8:45 PM

views 20

গুৱাহাটী নেহৰু ষ্টেডিয়ামত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰিব। এই প্ৰতিযোগিতাত পুৰুষ ৫৫ বছৰ ডাবলছ শাখাত অসমৰ বিজয় কুমাৰ বৰ্মন আৰু ধ্রুব শৰ্মা বিজয় হৈছে। একেদৰে পুৰুষৰ ৪৫ বছৰ ডাবলছ শাখাত নাগালেণ্ডৰ বেনডাংন’চেত আৰু টাজেনকাৱা আওৱে জয়লাভ কৰিছে। এই শিতানত অসমৰ অজন্তা চৌধুৰী আৰু বিষ্ণু ডেকাই ৰাৰ্ণাছআপৰ সন্মান লাভ কৰিছে। ৪০ বছৰ পুৰুষৰ ডাবলছ শাখাত মিজোৰা...

May 10, 2024 11:31 AM

views 25

গুৱাহাটী নেহৰু ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিপত অংশ ল'ব। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্রদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্রকাশ কৰে। আয়োজকসকলে জনাইছে যে আজি সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান হৰমিত সিং উপ...