August 6, 2026 12:01 PM

views 21

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলা ছিংগছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰাম’ট’ ২২–২০, ২১-১৮ গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

August 5, 2026 7:32 PM

views 11

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ ৭গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ ৭গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। আনমোল খাব, মানসী সিং, ৰাক্ষিতা ৰামৰাজ, অস্মিতা চলিহা, ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে তেওঁলোকৰ অভূতপূৰ্ব খেল প্ৰদৰ্শনেৰে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। অনমোল খাবে হংকঙৰ ল' চিন য়ানক ১৬-২১, ২১-১৭, ২১-১২ গেম পৰাজিত কৰে। ৰাক্ষিতা ৰামৰাজে কোৰিয়াৰ য়ে অন য়ুক ২২-২৪, ২১-১২, ২১-১৩ গেমত পৰাস্ত কৰাৰ বিপৰীতে অস্মিতা চলিহাই জাপানৰ ৰিৰিনা হ...

August 5, 2026 5:10 PM

views 10

কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টনত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ঈশাৰাণী বৰুৱা, তভী শৰ্মা আৰু শ্ৰীয়াংশী ৱালিচেট্টীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ঈশাৰাণী বৰুৱাই ৰাউণ্ড অব থাৰ্টী-টুত দক্ষিণ কোৰিয়াৰ লী চ' হীক ১৮-২১, ২১-১৫, ৭-২১ গেমত পৰাজিত কৰে। তন্তী শৰ্মাই চীনৰ আন কী য়ুৱানক ২১-১৬, ২১-১৫ গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ য়ু প' পাইক ২১-১৫, ২১-১৪ৰ ব্যৱধানত পৰাস্ত কৰে। আজি মালবিকা বানছ'ৰ আৰু আকাংশী কাশ্যপে প্রতিযোগিতাত অংশ ল'ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব ব...

July 31, 2026 9:58 PM

views 10

টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মা

ভাৰতৰ উন্নতি হুদা আৰু তনৱী শৰ্মাই টাইপেই অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। উন্নতিয়ে প্রতিদ্বন্দী খেলুৱৈ দেৱীকা সিহাগক ২৩-২১, ২১-১৬ আৰু তনৱীয়ে থাইলেণ্ডৰ চুপানিদা কাটেহংগক ২১-১৫, ১৮-২১, ২১-১৪ পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

July 18, 2026 8:06 PM

views 19

জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ট’কিঅ’ত অনুষ্ঠিত জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ হবলগীয়া ফাইনেলত সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে খেলিব। অলিম্পিকত দেশৰ হকে দুটাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ চাৰি নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন-য়ু-ফেইক ২১-১৯ ফলাফলত পৰাভূত কৰে আৰু দ্বিতীয় গেমত ১৫-১০ ফলাফলত আগবাঢ়ি থকাৰ সময়তে প্ৰতিদ্বন্দ্বী খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ পৰা অব্যাহতি লয়। জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত ...

June 12, 2026 8:17 PM

views 30

অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ

ছিদনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ একক শাখাত ভাৰতৰ পি ভি সিন্ধু ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় বাচনিৰ সিন্ধুৱে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চাইনিজ টাইপেৰ চেন চু য়ুক ২১- ৬, ২১-৯ পোনপটীয়া ছেটত পৰাস্ত কৰে। ছেমিফাইনেলত তেওঁ শীৰ্ষ বাচনিৰ জাপানৰ আকানে ইয়ামাগুচিৰ মুখামুখি হ'ব। আজি অনুষ্ঠিত আনখন কোৱাটাৰ ফাইনেলত য়ামাগুচিয়ে ভাৰতৰ তনভী শৰ্মাক ২১-১৪, ২১-১৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। পুৰুষৰ ডাবলছ শাখাত ভাৰতীয় যুটী হৰিহৰণ আমছাকাৰুনান আৰু এম আৰ অৰ্জুনে কোৱাৰ্টাৰ ফাইনেলত চ...

June 10, 2026 8:02 PM

views 31

পি ভি সিন্ধু আৰু তনভী শৰ্মা অস্ট্রেলিয়ান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু আৰু তনভী শৰ্মাই ছিডনীত অনুষ্ঠিত অস্ট্রেলিয়ান অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধুয়ে আজি প্ৰথম ৰাউণ্ডৰ এখন খেলত পেৰুৰ ইনেছ কেষ্টিলোক ২১-১৩, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত সিন্ধু ভাৰতৰ আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাৰ বিৰুদ্ধে বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঈশাৰাণীয়ে আজি প্ৰথম ৰাউণ্ডৰ আন এখন খেলত চীনৰ হান কোৱাঞ্চিক ২১-২০, ১০-২১, ২১-১৪ গেমত পৰাস্ত কৰে। একেদৰে বিশ্ব জুনিয়ৰ চেম্প...

January 22, 2026 11:30 AM

views 99

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টনত ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব

ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টন প্রতিযোগীতাত আজি ভাৰতীয় খেলুৱৈসকলে ১৬ নং ৰাউণ্ডত অংশগ্ৰহণ কৰিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে হংকঙৰ জেছন গুনাৱানৰ বিৰুদ্ধে খেলিব। আনহাতে কিদাম্বী শ্রীকান্তে চীনৰ টাইপেইৰ চৌ টিয়েন-চেনৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. সিন্ধুৱে ডেনমাৰ্কৰ লাইন কেছফেল্ডৰ বিৰুদ্ধে খেলিব। ইফালে, পুৰুষৰ ডাবলছত অর্জুন মদাথিল ৰামচন্দ্ৰন আৰু হৰিহৰণ আমছাকৰুণনৰ যুটিটোৱে মালয়েছিয়াৰ টি কাই ব্রুন আৰু মান ৱেই চঙৰ মুখামুখি হ'ব।

January 21, 2026 12:25 PM

views 62

ভাৰতৰ অনমোল খৰব আৰু আকর্ষি কাশ্যপৰ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ মূল পর্যায়ত প্রৱেশ

ভাৰতৰ অনমোল খৰব আৰু আকর্ষি কাশ্যপ ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ মূল পর্যায়ত প্রবেশ কৰিছে। অনমোলে কালি ইস্তোৰা চেনায়ানত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত কানাডাৰ বেন য়ু ঝাঙক ২১-১৮, ২০-২২, ২১-১৯ গেমত পৰাস্ত কৰে। একেদৰে, আকর্ষিয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ ঈষাৰাণী বৰুৱাক ২১-১৩, ২১-১৭ গেমত পৰাভূত কৰি মূল পর্যায়ত স্থান নিশ্চিত কৰে।

January 19, 2026 8:08 PM

views 72

অষ্ট্ৰেলিয়ান অপেন টেনিছৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত তৃতীয় স্থানপ্রাপ্ত ক’ক’ গ’ফে কেমিলিয়া ৰাখিম’ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত

অষ্ট্ৰেলিয়ান অপেন টেনিছ প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আজি তৃতীয় স্থানপ্রাপ্ত ক'ক' গ’ফে কেমিলিয়া ৰাখিম'ভাক ৬-২, ৬-৩ ছেটত পৰাস্ত কৰে। দুবাৰকৈ গ্ৰেণ্ড শ্লেম বিজয়ী আমেৰিকান খেলুৱৈ গ'ফে দ্বিতীয় ৰাউণ্ডত ছাৰ্বিয়াৰ বাওহতীয়া খেলুৱৈ ডেনিল' ভিকৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ডেনিল ভিকে কালি ৪৫ বছৰীয়া ভেনাছ উইলিয়ামছক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।