August 12, 2024 7:33 PM

views 20

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহলৈ বদৰুদ্দিন আজমলৰ পত্ৰ প্ৰেৰণ

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ চুবুৰীয়া ৰাষ্ট্ৰখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চল আৰু দেশৰ অভ্যন্তৰীণ কাৰ্যকলাপ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়। তেওঁ বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণৰ বাবে সমিতি গঠন কৰাৰ পদক্ষেপক প্রশংসনীয় বুলি উল্লেখ কৰি এই পদক্ষেপে ভাৰতীয়সকলৰ লগতে বাংলাদেশৰ সংখ্যালঘু লোকসকলক সহায় কৰিব ...