April 30, 2025 8:13 PM

views 19

গুৱাহাটী বাৰ এছ’চিয়েচনৰ সদস্য পদৰপৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ

গুৱাহাটী বাৰ এছ'চিয়েচনৰ সদস্য পদৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি বাৰ এছ’চিয়েচনৰ সভাপতিলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰক্ৰিয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ সৈতে বাৰ এছ'চিয়েচনৰ মত বিৰোধৰ সৃষ্টি হৈছিল। বাৰ এছ'চিয়েচনৰ সিদ্ধান্তৰ সৈতে একমত হ'ব নোৱাৰা বাবেই মুখ্যমন্ত্ৰী শৰ্মাই এছ'চিয়েচনৰ সদস্য পদ ত্যাগ কৰে। স্বাৰ্থৰ সৈতে সংঘাতৰ বাবে নহয় বৰঞ্চ ন্...