October 29, 2024 7:24 PM
18
নাগৰিক সুস্থ হ’লেহে দেশৰ প্ৰগতি ত্বৰান্বিত হয় বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য
দেশৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয় আৰু নাগৰিক সুস্থ হ'লেহে দেশৰ প্ৰগতি ত্বৰান্বিত হয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই দৃষ্টিভংগীৰে চৰকাৰে নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ দি স্বাস্থ্য নীতিৰ পাঁচটা মূল স্তম্ভ প্রতিষ্ঠা কৰিছে। এই স্তম্ভকেইটা হৈছে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা, সময়মতে ৰোগ চিনাক্তকৰণ, সুলভ মূল্যৰ ঔষধ আৰু চিকিৎসা, সৰু চহৰ আৰু গাঁও অঞ্চলত উপযুক্ত স্বাস্থ্য সেৱা তথা স্বাস্থ্য সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰসাৰ ...