September 12, 2024 7:48 PM

views 21

১,৩০০তকৈয়ো অধিক ওজৰ-আপত্তি নিষ্পত্তি আয়ুষ মন্ত্ৰালয়ৰ

আয়ুষ মন্ত্ৰালয়ে তৃতীয় পৰ্যায়ৰ বিশেষ অভিযানৰ সময়ছোৱাত এহেজাৰ ৩০০তকৈয়ো অধিক ওজৰ-আপত্তি নিষ্পত্তি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কৰ্মক্ষেত্ৰত পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ দিশটো উন্নত কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছিল। অভিযানৰ সময়ছোৱাত কেইবাটাও বিবেচনাধীন বিষয় নিষ্পত্তি কৰা হয়। ইয়াৰ ভিতৰত ১৮৭ টা ৰাজহুৱা ওজৰ-আপত্তিৰ আবেদন, ১৮ টা সংসদীয় নিশ্চিতি আৰু ৩৩ টা সাংসদৰ পৰা পৰামৰ্শ লাভ কৰা বিষয় আছে। মন্ত্ৰ্যালয়ে সম্প্রতি চতুর্থ পৰ্যায়ৰ বিশেষ অভিযানৰ বাবে সাজু হৈছে। এই অভিযানৰ অধীনত মন্ত্...