September 21, 2024 7:12 PM

views 32

ওদালগুৰি জিলাৰ টংলাত অসম সাহিত্য সভাৰ ষষ্ট পূৰ্ণাংগ কেন্দ্রীয় কার্যনির্বাহক

ওদালগুৰি জিলাৰ টংলাত আজিৰেপৰা আৰম্ভ হোৱা অসম সাহিত্য সভাৰ ষষ্ট পূৰ্ণাংগ কেন্দ্রীয় কার্যনির্বাহকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰী দৈমাৰীয়ে সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ দিক্‌ নির্ণায়ক অনুষ্ঠান হিচাপত কাম কৰি আহিছে বুলি মন্তব্য কৰে। বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এটা ভাষা জাতিৰ অস্তিত্ব স্বৰূপ বুলি মন্তব্য কৰি কয় যে সাহিত্য অবিহনে ভাষা জীয়াই ৰখাটো অসম্ভৱ। অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীৰ অসম সাহিত্য সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই শুভাৰম্ভ কৰে। ...