June 10, 2025 8:38 PM June 10, 2025 8:38 PM
8
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া ৫.৩০ বজাত মহাকাশযানৰ উৎক্ষেপনৰ সময় নিৰ্ধাৰণ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে এই কথা প্ৰকাশ কৰে। এই অভিযানত ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, প’লেণ্ড আৰু হাংগেৰীৰ একোগৰাকীকৈ মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। অভিযানকালত ভাৰতৰ শুভাংশু শুক্লাৰ লগতে আমেৰি...