August 18, 2025 8:57 PM August 18, 2025 8:57 PM
15
কেপ্তেইন শুক্লাই এক্জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা
বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্জিয়ম মিছন ফ'ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত...