September 25, 2025 10:27 PM

views 43

কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কাইলৈ পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হ'ব। দুৱাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠি...

July 24, 2025 6:55 PM

views 31

কাছাৰৰ কালাইনৰ সিন্দূৰা বনভোজথলী পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ

কাছাৰ জিলাৰ কালাইনৰ সিন্দূৰা বনভোজথলী পৰ্যটকৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যোৱা দেওবাৰে সিন্দূৰা নৈত পৰি শ্ৰীভূমিৰ দুজন যুৱকৰ মৃত্যুৰ পাছতে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্রহণ কৰে। কাটিগড়া ৰাজহ চক্ৰৰ অন্তৰ্গত এই বনভোজথলীত প্ৰয়োজনীয় নিৰাপত্তাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্রশাসনে সেই ঠাইত জনসাধাৰণৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। জিলা আয়ুক্ত মৃদুল যাদৱে এই সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰি কয় যে প্রয়োজনীয় সাৱধানতা অবিহনে এনে স্থানত জনসাধাৰণে মুক্তভাৱে ঘূৰা-ফুৰা কৰাৰ ফলত বিপদৰ সন্মুখীন হ'ব পাৰে।...

November 29, 2024 6:23 PM

views 33

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি পৰে। কাজিৰঙাৰ লগতে অসমৰ পৰ্যটনক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয় আৰু অসম পৰ্যটন বিভাগে এই আন্তৰাষ্ট্ৰীয় মেলাৰ আয়োজন কৰিছিল। কেবাখনো দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ট্যুৰ অপাৰেটৰ আৰু প্ৰতিনিধিসকলে এই মেলাত অংশগ্ৰহণ কৰে। ইটালী, স্পেইন, শ্রীলংকা, আফগানিস্তান, ৰাছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটন প্রতিনিধিসকলে ইয়াত অংশ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ চাহ শিল্পৰ ভূয়সী প্ৰশংসা কৰে। এই অ...

November 29, 2024 6:15 PM

views 30

ৰাজ্যৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদনত প্রধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যখনৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদন জনোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক প্ৰদান কৰি অহা বিশেষ সাহায্যৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ বাবে এই ধনৰাশিৰ অনুমোদন জনায়। অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ বাবে ৯৭ কোটি ১২ লাখ টকা আৰু শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৯৪ কোটি ৭৬ লাখ টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনা...

August 2, 2024 12:18 PM

views 47

চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ সুবিধাৰ্থে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পাছতে চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ বাবে থকামেলাৰ পৰ্যাপ্ত সুবিধা উপলব্ধ কৰোৱাৰ লক্ষ্যৰে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আশেপাশে হোম ষ্টে নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে। এই আঁচনি আধাৰশিলা স্থাপন কৰি কালি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰাৰম্ভিক পৰ্যায়ত মৈদামৰ সমীপৱৰ্তী অঞ্চলত ১০ টাকৈ হোম ষ্টে নিৰ্মাণ কৰাৰ লক্ষ্য লোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, আঁচনিখনৰ অধীনত চ...