July 25, 2024 10:09 AM

views 15

বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০,৩৭৬ কোটি টকা আবণ্টনঃ অশ্বিনী বৈষ্ণৱ

ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লখণ্ডৰ উন্নয়নৰ বাবে ১০, ৩৭৬ কোটি টকা আবণ্টন দিয়া হৈছে।  উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰে'ল মন্ত্ৰী বৈষ্ণৱে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত ৭৪,৯৭২ কোটি টকা বিনিয়োগেৰে ১৮টা ৰে'লৱে প্ৰকল্পৰ কাম চলি আছে। তেওঁ কয় যে, যোৱা ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত ৪৭০টা ৰে'লৱে আন্দাৰপাছ আৰু অভাৰব্ৰীজৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ৬০টা ষ্টেচনৰ পুনঃউন্নয়ন কৰা হৈছে। কেন্দ্ৰই বৰ্তমানৰ আন্তঃগাঁথনি উন্নয়...