January 12, 2026 12:03 PM

views 14

বাশ্বিংটন ডিচিত জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত অশ্বিনী বৈষ্ণৱৰ অংশগ্ৰহণ

কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাশ্বিংটন ডিচিত জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত অংশ লব। জি-চেভেন গুৰুত্বপূৰ্ণ খনিজ মন্ত্ৰ্যালয়ৰ বৈঠকত কৌশলগত সম্পদসমূহৰ বাবে গোলকীয় যোগান শৃংখলা সুৰক্ষিত কৰাৰ লক্ষ্যৰে আলোচনা অনুষ্ঠিত হয়। শ্রীবৈষ্ণবে সামাজিক মাধ্যমৰ এটা বার্তাত কয়, যে বিকশিত ভাৰতৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে গুৰুত্বপূৰ্ণ খনিজ সম্পদসমূহৰ যোগান শৃংখলা সুৰক্ষিত কৰাটো অধিক প্রয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্রেজাৰী সচিব স্কট বেছেন্টে শেহতীয়া...

January 2, 2026 11:28 AM

views 19

আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথম বুলেট ট্রেইন ১৫ আগষ্ট, ২০২৭ ৰ পৰা চলাচলৰ সম্ভাৱনা

দেশত অহা বছৰ ১৫ আগষ্টৰ পৰা বুলেট ট্রেইন চলাচলৰ সম্ভাৱনা আছে বুলি ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে আহমেদাবাদ আৰু মুম্বাই সংযোগী দেশৰ প্ৰথম বুলেট ট্রেইন প্রকল্প নির্মীয়মান অৱস্থাত আছে। তেওঁ কয়, যে এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ অধীনত চুৰাট-বিলিম'ৰা সংযোগী পথচোৱা মুকলি কৰা হ'ব আৰু ইয়াৰ পাছতে বাপীৰ পৰা চুৰাট সংযোগী দ্বিতীয় পৰ্যায়ৰ পথচোৱা উদ্বোধন কৰা হ'ব। ৰে'লমন্ত্ৰীগৰাকীয়ে লগতে গুৱাহাটী আৰু কলকাতাৰ মাজত ভাৰতীয় ৰে'লৰ নৱতম সংযোজন...

December 5, 2025 8:03 PM

views 16

দেশৰ ৰে’ল দুর্ঘটনাৰ সংখ্যা ৯০ শতাংশ হ্রাস হৈছে বুলি অশ্বিনী বৈষ্ণৱৰ প্রকাশ

দেশৰ ৰে'ল দুর্ঘটনাৰ সংখ্যা ৯০ শতাংশ হ্রাস হৈছে বুলি কেন্দ্রীয় ৰেল মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি প্রকাশ কৰিছে। তেওঁ কয়, যে ২০০৪ ৰ পৰা ২০১৪ চনৰ ভিতৰত ১৭১ টা ৰেল দুর্ঘটনা সংঘটিত হৈছিল। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে ৰে'ল দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যভাত এটা প্ৰশ্নৰ উত্তৰ দি শ্রীবৈষ্ণবে কয় যে চৰকাৰে এই দুর্ঘটনাসমূহৰ কাৰণ জানিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে আৰু দুর্ঘটনা হ্রাস কৰিবলৈ বিভিন্ন ধৰণৰ পদ্ধতি গ্রহণ কৰিছে। তেওঁ কয়, যে কবচ নামৰ থলুৱা স্বয়ংক্রীয় ৰে'...

September 30, 2025 12:04 PM

views 47

অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী ৰে’ল প্ৰকল্প দুটা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ভূটানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী ৰে’ল প্ৰকল্প দুটা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ৪০৩৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্প দুটাৰ ফলত দুয়োখন দেশ লাভৱান হ'ব বুলি ৰে'ল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত বিদেশ সচিব বিক্রম মিশ্ৰীৰ সৈতে এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কোকৰাঝাৰৰ পৰা ...

September 29, 2025 7:34 PM

views 31

অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী দুটা ৰে’ল প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ

কেন্দ্ৰীয় চৰকাৰে ভূটানৰ সৈতে সম্পর্ক শক্তিশালী কৰি তোলাৰ বাবে অসমৰ কোকৰাঝাৰৰ পৰা গেলেফু আৰু পশ্চিমবংগৰ বানৰহাটৰ পৰা চামছে সংযোগী দুটা ৰে'ল প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। ৪০৩৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্রকল্প দুটাৰ ফলত দুয়োদেশে লাভবান হ'ব বুলি কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণবে প্রকাশ কৰিছে। আজি নতুন দিল্লীত বিদেশ সচিব বিক্রম মিশ্ৰীৰ সৈতে এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে কোকৰাঝাৰৰ পৰা গেলেফু সংযোগী ৬৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথছোৱা নিৰ্মাণৰ ...

September 29, 2025 6:00 PM

views 48

ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি সাতখন ৰে’ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে

ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু বিহাৰৰ উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে আজি ৰাজ্যখনৰ বাবে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল গাড়ীকে ধৰি সাতখন ৰে'ল গাড়ী চলাচলৰ শুভাৰম্ভ কৰে। অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল কেইখনে মুজাফ্‌ফ্ফৰ পুৰৰ পৰা সৰলাপল্লী, দ্বাৰভাংগাৰ পৰা মাদাৰ জংছন আৰু ছাপ্পাৰ পৰা আনন্দ বিহাৰ টার্মিনেলক সংযোগ কৰিব। ৰেল মন্ত্রী শ্রী বৈষ্ণৱে আজি নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে পাটনা জংছনৰ পৰা এই ৰেল কেইখনৰ চলাচলৰ শুভাৰম্ভ কৰে। নাৱাদা, ইছলামপুৰ, বক্স...

September 29, 2025 5:57 PM

views 32

দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী বছৰসমূহত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ’ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

দেশৰ বৈদ্যুতিন উৎপাদন খণ্ড পৰৱৰ্তী কেইটামান বছৰত নিয়োগ সৃষ্টিৰ মূল খণ্ড হিচাপে পৰিগণিত হ'ব বুলি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। শ্রী বৈষ্ণৱে কয়, যে দেশত বৈদ্যুতিন উৎপাদন ব্যৱস্থা দ্রুত গতিত বিকশিত হৈছে। প্রতি সপ্তাহতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে বিকাশ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে।

August 9, 2025 11:44 AM

views 34

উজ্জ্বলা যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ ৰাজসাহায্যৰ বাবে ১২ হাজাৰ কোটি টকাত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ ৰাজসাহায্যৰ বাবে ১২ হাজাৰ কোটি টকাত অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত ১০ কোটি ৩৩ লাখৰো অধিক হিতাধিকাৰী উপকৃত হব। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা ব্যৱহাৰযোগ্য ৰন্ধন গেছৰ নিৰ্ধাৰিত হিতাধিকাৰীক প্ৰতি বছৰে ৯টা চিলিণ্ডাৰৰ বাবে ৩০০ টকাকৈ ৰাজসাহায্...

May 29, 2025 12:34 PM

views 34

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্রীসভাৰ কমিটিয়ে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে খাৰিফ শস্যৰ মূল্য বৃদ্ধি কৰিছে যাতে খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে। যোৱা বছৰৰ তুলনাত ৰামতিলৰ ন্যূনতম সমর্থন মূল্য সৰ্বাধিক প্রতি কুইণ্টলত ৮২০ টকা বৃদ্ধি কৰা হৈছে। ৰাগীৰ ন্যূনতম সমর্থন মূল্য ...

May 1, 2025 11:48 AM

views 26

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি নতুন দিল্লীত সাংবাদিকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰা উচিত। এনে গণনাই সমাজৰ আৰ্থ-সামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ...